thumbnail

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:13 PM IST

ETV Bharat / Videos

জোনাইত অনাতাঁৰ মৰম পৰিয়ালৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন

জোনাই,২৬ ডিচেম্বৰ: ২০১০ চনৰ ২৫ ডিচেম্বৰত মাজুলীৰ মুদৈবিলত প্ৰতিষ্ঠা হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ 'অনাতাঁৰ মৰম পৰিয়াল' এ উদযাপন কৰে চতুৰ্দশ প্ৰতিষ্ঠা দিৱস । সোমবাৰে ধেমাজিৰ জোনাই তেলেমত অনুষ্ঠিত হোৱা চতুৰ্দশ প্ৰতিষ্ঠা দিৱসত 'শ্ৰোতা প্ৰেৰণা বঁটা-২০২৩' প্ৰদান কৰা হয় আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বাৰ্তা সম্পাদক মানস প্ৰতীম শৰ্মাক । ইফালে 'অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা-২০২৩' প্ৰদান কৰে জোনাই তেলেমৰ জয়বৰ পাংগিং আৰু মেছাকী চাপৰিৰ সোণাৰাম লালুঙক ।  

অনুষ্ঠানটিত পৰিয়ালটিৰ ফালৰ পৰা প্ৰতি বছৰে প্ৰকাশ পাই অহা বাৰ্ষিক মুখপত্ৰ 'মৰম এক যোগসূত্ৰ' উন্মোচন কৰে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী পৰশা কোঁৱৰে । অনুষ্ঠানত চিলাপথাৰ প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সচিব ৰেণু বৰুৱাই সঞ্চালনা কৰা সভাখনিত, মহাবিদ্যালয়ৰ অধ্যক্ষ, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ বিপিন ৰাজখোৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেডিঅ' জ্ঞান মালিনীৰ অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞাকে আদি কৰি পৰিয়ালটোৰ বিভিন্ন জিলাৰ পৰা অহা সদস্যসকল তথা জোনাই অঞ্চলৰ প্ৰায় তিনিশৰো অধিক ৰেডিঅ'প্ৰেমী শ্ৰোতা ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক: সোণাৰিত জিলা পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.