Cattle Theft at Kuruwa: একেটা নিশাতে এটা গৰু খুঁটিৰ পৰা 40 টাকৈ গৰু লৈ গ’ল চোৰে - cattle preservation act in assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 11:05 PM IST

মঙলদৈ, 8 নৱেম্বৰ : দৰঙৰ কুৰুৱাত চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে নিশাৰ ভাগত এটা গৰু খুঁটিৰ পৰা চোৰে লৈ গ’ল 40 টাকৈ গৰু ৷ যি সময়ত গৰু সংৰক্ষণৰ দৰে এখন আইন আছে, যি সময়ত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে কঠোৰ হৈছে তেনে সেই সময়তে দৰঙৰ কুৰুৱা চাপৰিত সংঘটিত হৈছে এই ঘটনা ৷

ঘটনা অনুসৰি, প্ৰায় 10 টা পৰিয়ালে মিলি কুৰুৱা চাপৰিত এটা গৰু খুঁটি সাজিছিল ৷ কিন্তু মঙলবাৰে খুঁটিত কোনো নথকাৰ সুযোগ লৈ চোৰে লৈ গ’ল প্ৰায় 40 টাকৈ গৰু ৷ ভুক্তভোগীৰ ভাষ্য অনুসৰি, ‘‘ প্ৰতিদিনৰ দৰে মই গৰুকেইটা গোহালিত বান্ধি ঘৰলৈ গ’লো  ৷ পূৱা আহি দেখো গোহালিৰ পৰা কিছু গৰু নাই আৰু এটা গৰু মৰি আছে ৷ লগে লগে বিচৰা আৰম্ভ কৰাত দেখিলো নৈৰ পাৰত পঘা বিলাক পৰি আছে ৷ ব্ৰহ্মপুত্ৰ নদীৰে যন্ত্ৰচালিত নাওঁ লৈ আহিছিল চোৰে ৷ মোৰ 10 টা গৰু নিছে ৷ বাকী পৰিয়ালসমূহৰ 5-6 টাকৈ গৰু নিছে ৷’’

ভুক্তভোগী গো-পালকজনে কয়, ‘‘ গৰু কেইটাৰ কাৰনে পৰিয়াল, আত্মীয়-স্বজন সকলো এৰি থাকো ৷ দিনটো গৰুকেইটাৰ লগতে থাকো ৷ আমি এতিয়া কি কৰিম ! বলধহাল লৈ গ’ল ৷ খেতি কেনেকৈ কৰিম ৷’’ আনহাতে ঘটনাস্থলীত ছিপাঝাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ 

লগতে পঢ়ক:Tense situation in Darrang : হেৰুৱা গৰু বিচাৰি মঙলদৈ থানাত স্থানীয় ৰাইজৰ হুলস্থূল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.