Tora Shinga Bihu 2023: মৰাণত অনুষ্ঠিত ত্ৰয়োদশ বাৰ্ষিক কেন্দ্ৰীয় তৰা চিঙা বিহু - Tora Shinga Bihu 2023
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18089460-thumbnail-16x9-mrn-aspera.jpg)
মৰাণ,২৬ মাৰ্চ: উষাপুৰ মহিলা সমাজৰ উদ্যোগত আৰু মৰাণৰ দল-সংগঠনৰ সহযোগত দেওবাৰে মৰাণ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত কৰা হয় ত্ৰয়োদশ বাৰ্ষিক কেন্দ্ৰীয় তৰা চিঙা বিহু(13th Tora Shinga Bihu Celebration) । চাওলুং চ্যুকাফাই আৰম্ভ কৰা ৰঙালী বিহুৰ মাতৃ স্বৰূপ এই তৰা চিঙা বিহুখনিৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ হয় । ইয়াৰ পিছতে বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত উলিওৱা হয় দোলা যাত্ৰা(Tora Shinga Bihu 2023) ।
এই দোলা যাত্ৰাত মৰাণৰ ৰাইজৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে । দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই বিহুত সন্ধিয়ালৈ কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব । ইফালে বিহুখনিৰ বিদায় অনুষ্ঠান অনুষ্ঠিত হ'ব ৭ ব'হাগত । উল্লেখযোগ্য যে কেৱল ধৰ্মীয় পৰম্পৰা ৰীতি-নীতি পালন কৰি উদযাপন কৰা হয় তৰা চিঙা বিহু । তৰা চিঙা বিহু ৰঙালী বিহুৰ মাতৃ স্বৰূপ(Tora Shinga Bihu celebrate in Moran) ৷
এই বিহু আৰম্ভ কৰিছিল চাওলুং চ্যুকাফাই। এই বিহুত দোলা যাত্ৰাৰে তৰাগছ আনি আসনত স্থাপন কৰা হয় । সেই পৰম্পৰা অক্ষুন্ন ৰাখি দেওবাৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰি দোলা যাত্ৰাৰে তৰাগছ আনি আসনত স্থাপন কৰা হয় । ইয়াৰ লগে লগে আৰম্ভ হয় ত্ৰয়োদশ বাৰ্ষিক কেন্দ্ৰীয় তৰা চিঙা বিহু ।
লগতে পঢ়ক: Dhritashree Rabha suicide case: সুৰক্ষিত নহয় দেশ ৰক্ষাৰ দায়িত্বত থকা অসমৰ যুৱতী