গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনা: ঘটনাস্থলীতে নিহত এজন

By

Published : Apr 6, 2022, 10:35 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail
গোলাঘাটৰ টৰফাট গাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Golaghat) । দুৰ্ঘটনাটোত নিহত হৈছে ৰুবুল গগৈ নামৰ এজন লোক (One person died in road accident in Golaghat) ৷ আনহাতে, গুৰুতৰভাৱে আহত হৈছে ভাগ্য বৰা নামৰ আন এজন লোক (One person injured in road accident)। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত ভাগ্য বৰাক সংকটজনক অৱস্থাত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ সম্প্ৰতি ভাগ্য বৰাক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ । উল্লেখ্য যে, দুয়োজন লোকে পালচাৰ বাইকত তীব্ৰ গতিৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি জনালে স্থানীয় লোকে ।
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.