thumbnail

By

Published : Feb 14, 2022, 9:36 PM IST

Updated : Feb 3, 2023, 8:12 PM IST

ETV Bharat / Videos

ডিব্ৰুগড় পৌৰসভা কিয় হোৱা নাই পৌৰ নিগমলৈ উন্নীত ?

শিলচৰ আৰু ডিব্ৰুগড় পৌৰসভা(Dibrugarh Municipality Board)ক পৌৰ নিগমলৈ উন্নীতকৰণ কৰাৰ কথা ৰাজ্য চৰকাৰৰ কেবিনেটত অনুমোদিত হৈছিল যদিও ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নীতকৰণৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে যাৱতীয় নথিপত্ৰ দিয়াৰ ক্ষেত্ৰত বিধি পথালি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । এই অভিযোগ নস্যাৎ কৰি সোমবাৰে ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনে পৌৰ নিগমৰ বাবে সকলো যাৱতীয় ব্যৱস্থা আৰম্ভ কৰাৰ লগতে ২০২৬ ৰ পূৰ্বে ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নীতকৰণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । কিন্ত খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনে ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নীতকৰণৰ বাবে চৰকাৰক প্ৰস্তাৱ দিয়া নাই বুলি কোৱাৰ পাছতে বিধায়কজনক ডিব্ৰুগড়ৰৰ দল-সংগঠনৰ লগতে সচেতন ৰাইজে তীব্ৰ সমালোচনা কৰিছিল । সোমবাৰে বিধায়ক ফুকনে এই প্ৰসংগত দিয়া মন্তব্যই ডিব্ৰুগড়ৰ ৰাইজক কিমান আশ্বস্ত কৰে সেয়া লক্ষ্যণীয় হ’ব ৷
Last Updated : Feb 3, 2023, 8:12 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.