Wild Animal at Kalgachia: কলগাছিয়াত আপোনমনে বিচৰণ এটা বন্যহস্তীৰ - কলগাছিয়াত আপোনমনে এটা বন্যহস্তীৰ মুক্ত বিচৰণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 30, 2022, 10:18 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

জনাঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ দেওবাৰে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা গাঁৱত হঠাতে এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে (Wild Animal at Kalgachia) ৷ জানিব পৰা মতে, আজি পুৱা স্থানীয় ৰাইজে হাতীটো প্ৰত্যক্ষ কৰে ৷ হাতীটোৰ গচকত বহু খেতি পথাৰ বিনষ্ট হয় যদিও এতিয়ালৈ হাতীটোৱে কোনো ঘৰ-দুৱাৰ ক্ষতি কৰা নাই ৷ অৱশ্যে পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজে হাতীটো চাবলৈ ওলাই অহাত হাতীটোৱে নৈৰ পাৰে পাৰে গৈ হাবিৰ মাজত সোমাই পৰে ৷ ইতিমধ্যে স্থানীয় ৰাইজে মইনবৰী আৰক্ষী আৰু বৰপেটা বন বিভাগক অৱগত কৰাইছে যদিও বাতৰি লিখা সময়লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইফালে অঞ্চলটোত হঠাতে হাতী ওলোৱাত ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.