Theft at Kalgasia: কলগাছিয়াত চুৰে লুটিলে নগদ ধনসহ সোণৰ অলংকাৰ - Theft in Kalgasia
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17260323-260-17260323-1671534248212.jpg)
বৰপেটা জিলাৰ কলগাছিয়াত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ (Theft in Kalgasia)। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠা আৰক্ষী চকীৰ সমীপত কান্দুলিত সোমবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড । কলগাছিয়াৰ কান্দুলিয়া গাঁৱৰ জিয়াৰুল ইছলামৰ ঘৰত পুৱতি নিশা চোৰে লুটিলে ৪৩ হাজাৰ নগদ ধনৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰ । নিশা সিন্ধি খান্দি চোৰে ঘৰত ভিতৰত প্ৰৱেশ কৰি নগদ ধন আৰু সোণ-ৰূপৰ অলংকাৰসহ ডেৰ লাখ টকাৰ সামগ্ৰী চুৰি কৰে । পিছত ঘটনাস্থলীত বৰভিঠা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে (Barvitha Police Station)। ইতিমধ্যে ভুক্তভোগী পৰিয়ালে বৰভিঠা আৰক্ষী চকীত চুৰিকাণ্ড সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST