Badaruddin Ajmal Statement: মুখ্যমন্ত্ৰীৰ ভৰসা হৈছে বদৰুদ্দিন আজমল: ৰকিবুল - Apurba Kumar Bhattacharya react on Ajmal
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17102146-328-17102146-1670062016942.jpg)
শুকুৰবাৰে হিন্দু সমাজক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল মৌলানা বদৰুদ্দিন আজমলে (AIUDF chief Badruddin Ajmal) ৷ আজমলৰ বিতৰ্কিত এই মন্তব্যৰ পাচতেই সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক তথা জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে (Rakibul Hussain react on Badaruddin Ajmal Statement) ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আশা-ভৰসাৰ স্থল হৈছে বদৰুদ্দিন আজমল । আজি ৰাজ্যত মূল্যবৃদ্ধি ,জনগোষ্ঠীয় সমস্যাৰ লগতে বিভিন্ন সমস্যাই গা কৰি উঠিছে । সেয়েহে আজমলক ব্যৱহাৰ কৰি উক্ত সমস্যাৰ পৰা ৰাইজক ফালৰি কটাইছে । ইপিনে,কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই এই সন্দৰ্ভত কয় যে আজমল আৰু মুখ্যমন্ত্ৰীৰ মাজত এখন গোপন ফিক্সিং মেচ চলি আছে (Apurba Kumar Bhattacharya react on Ajmal Statement)। আনহাতে,প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰে কয় যে আজমলে যি সম্প্ৰদায়িক মন্তব্য সেয়া অকল অসমীয়া জাতিকে অপমান কৰাৰ নাই ,সমগ্ৰ হিন্দুকে অপমান কৰিছে । গণতান্ত্ৰিক আৰু সুস্থ সমাজ ব্যৱস্থাত এজন সভ্য মানুহে এনে মন্তব্য কৰা উচিত নহয় ।
Last Updated : Feb 3, 2023, 8:34 PM IST