Baby Elephant death: মৃত সন্তানৰ কাষত অসহায় গজমাতৃ

By

Published : Nov 4, 2022, 7:03 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
মাতৃৰ সন্মুখত মৃত সন্তান ৷ সন্তানৰ নিথৰ দেহটোলৈ চাই আৰ্তনাদ মাতৃৰ (Baby Elephant death) ৷ ওদালগুৰি জিলাৰ পানেৰি থানাৰ অন্তৰ্গত উত্তৰ গৰুৱাঝাৰত হৃদয় কঁপি যোৱা এক দৃশ্য ( Baby Elephant death at Udalguri)৷ মৃত্যুক সাৱটি লোৱা এটি দুবছৰীয়া পোৱালী হাতীৰ মৃত্যুৰ শোক সহিব নোৱাৰি মৃত হাতীটোক চাবলৈ অহা লোকসকললৈ চোঁচা মাৰি খেদি গৈছে অসহায় মাতৃয়ে ৷ আনকি মৃতদেহটো নিবলৈ অহা এস্কেভেটৰকো কাষলৈ আহিবলৈ দিয়া নাই শোকাকুল মাতৃয়ে ৷ দিনটো হাতীজনীয়ে সন্তানটোৰ কাষতে ৰৈ থকা দৃশ্য পৰিলক্ষিত কৰি আবেগিক হৈ পৰিছে স্থানীয় লোকসকলো ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.