ARIDA Property Expo: ২ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ এৰিডাৰ সম্পত্তি মেলা
🎬 Watch Now: Feature Video
আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভেল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ উদ্য়োগত ২০২৩ বৰ্ষৰ ২ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে সম্পত্তি এক্সপ'ৰ আয়োজন কৰা হৈছে (Property Expo 2023 of ARIDA) । গুৱাহাটীৰ পল্টনবজাৰস্থিত আছী অপসৰাত এই এক্সপ'ৰ আয়োজন কৰা হৈছে (Property Expo of ARIDA at Guwahati)। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে এৰিডাৰ সভাপতি পি কে শৰ্মাই । তেওঁ কয় এই এক্সপ'ৰ জড়িয়তে এটা স্থানতে ফ্লেট, এপাৰ্টমেন্ট আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আন আনুসংগিক বিভিন্ন সামগ্ৰী বিস্তৃত ৰূপে প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব । লগতে নিৰ্মাণ খণ্ডৰ বিভিন্ন সেৱাৰ বিষয়ে ৰাইজে জ্ঞাত হ'ব পাৰিব । এই এক্সপ'ৰ যোগেদি গৃহ ক্ৰেতা আৰু বিনিয়োগকাৰীসকলে সকলো বিষয় চালি জাৰি চাই নিজৰ সুবিধা অনুসৰি সেৱা গ্ৰহণ কৰিব পাৰিব । আনকি এই এক্সপ'তেই উপভোক্তাই বেংকৰ গৃহ ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । ইফালে, ৫ মাৰ্চলৈ চলিবলগীয়া এই এক্সপ'ৰ যোগেদি বিশেষ ৰেহাইৰ জড়িয়তে সম্পত্তিৰ অগ্ৰিম বুকিঙৰ ব্যৱস্থা থাকিব বুলিও কয় এৰিডাৰ সভাপতি পি কে শৰ্মাই ।
Last Updated : Feb 3, 2023, 8:37 PM IST