Lakhimpur Child Missing: ঢেঁকীয়া বুটলিবলৈ গৈ সন্ধানহীন 5 বছৰীয়া শিশু

By

Published : Apr 5, 2022, 6:34 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail
লখিমপুৰৰ পূব চান্দমাৰিত সংঘটিত হৈছে কৰুণ ঘটনা । ঢেঁকীয়া আনিবলৈ গৈ সোমদিৰি নৈত সন্ধানহীন ৫ বছৰীয়া শিশু (Child missing in river at Lakhimpur)। মঙলবাৰে পুৱাৰ ভাগতেই কণমানি দুই ভাই-ককায়ে সোমদিৰি নৈ পাৰ হৈ ঢেঁকীয়া বুটলিবলৈ যোৱাৰ সময়তে হঠাৎ প্ৰবল বৃষ্টিপাত হোৱাত বৃদ্ধি পায় নৈৰ পানী । ঘূৰি আহোতে হাতত ধৰি দুই ভাই-ককায়ে নৈ পাৰ হ’বলৈ লওতেই উটি গ'ল পাঁচ বছৰীয়া আলফাছ আলী । নিৰুদ্দিষ্ট কণমানিটোক বিচাৰি SDRF ৰ অভিযান অব্যাহত ৰাখিছে যদিও বিয়লিলৈকে কোনো সন্ধান ওলোৱা নাই ।
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.