thumbnail

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 3:23 PM IST

ETV Bharat / Videos

JNV celebrates Silver Jubilee: জৱাহৰ নৱোদয় বিদ্যালয়ত ৰূপালী জয়ন্তী উদযাপন, আচুৰ্য্য বৰপাত্ৰৰ জনপ্ৰিয় গীতে মোহিলে দৰ্শকক

গোলাঘাট, ২৮ আগষ্ট : ১৯৯৫ চনত প্ৰতিষ্ঠা লাভ কৰা গোলাঘাট চিনাতলীত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত উদযাপন ৰূপালী জয়ন্তী ৷ NAVOGIA ৰ সহযোগত ২৬, ২৭ আগষ্টত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন কৰা হৈছে।

জীৱন গঢ়াৰ কমাৰশাল বিদ্যালয়খনত গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰে । উল্লেখযোগ্য যে ২৫ টা বৰ্ষ গৰকা বিদ্যালয়খনে 'ৰোমন্থন' নামেৰে দুদিনীয়াকৈ উদযাপন কৰিছে ৰূপালী জয়ন্তী বৰ্ষ । শিক্ষা জীৱনৰ স্মৃতিক ৰোমন্থন কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত উপস্থিত থাকি উলহ-মালহেৰে উদযাপন কৰে জয়ন্তী বৰ্ষ ।

উল্লেখনীয় যে অসমৰ বহু কেইখন নৱোদয় বিদ্যালয়ৰ লগতে ভাৰতৰ অন্যান্য নৱোদয় বিদ্যালয়ৰ বহু সংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে বিদ্যালয়খনত । ২৭ তাৰিখে পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয় দিনটো আৰু সন্ধিয়া অনুষ্ঠিত হয় সংগীতানুষ্ঠান ৷ এই সংগীতানুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই পৰিৱেশন কৰে গীত ৷ আচুৰ্য্য বৰপাত্ৰই বহুকেইটা জনপ্ৰিয় গীতেৰে উৎসৱমুখৰ কৰি তুলে বিদ্যালয়ৰ প্ৰাঙ্গন ।  

লগতে পঢ়ক: Reema Borah: ‘অনুনাদ’লৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পৰিচালক ৰীমা বৰাক বিশ্বনাথত অভিনন্দন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.