thumbnail

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 10:06 AM IST

ETV Bharat / Videos

ৰাজ্যত বলিবলৈ ধৰিছে নিৰ্বাচনৰ গৰম বতাহ, আজি কৰিমগঞ্জত আজমলৰ কুচকাৱাজ

কৰিমগঞ্জ, 25 নৱেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ সমষ্টিয়ে সমষ্টিয়ে বিভিন্ন কাৰ্যসূচী লৈ ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে ৰাজনৈতিক দলৰ নেতাসকলে ৷ সমান্তৰালকৈ ৰাজনৈতিক দলৰ নেতাৰ মাজত চলিছে বাকযুদ্ধ ৷ ইফালে ৰাজ্যৰ শাসকীয় দলৰ নেতাই যদি 12 খন আসন পাব বুলি দাবী কৰিছে আনহাতে বিৰোধীয়েও 12 খন আসন পাব বুলি দাবী কৰিছে ৷ সমান্তৰালকৈ এ আই ইউ ডি এফেও 3 খন আসন লাভ কৰিব বুলি আত্মবিশ্বাসী সাংসদ বদৰুদ্দিন আজমল ৷ সেয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে সাংসদ আজমল ৷

শনিবাৰে কৰিমগঞ্জৰ নীলামবজাৰস্থিতি স্বামী বিৰাজানন্দ বিদ্যানিকেতন হাইস্কুলৰ খেলপথাৰত এ আই ইউ ডি এফৰ এক কর্মীসভা অনুষ্ঠিত হ'ব । উক্ত সভাত উপস্থিত থাকিব সাংসদ আজমল ৷ সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিছে দলটোৰ জিলা সভাপতি আজিজুৰ ৰহমান তালুকদাৰে ৷ 

লগতে পঢ়ক:বিধানসভাৰ শীতকালীন অধিবেশনত বিলম্ব; চৰকাৰক ভয়াতুৰ বুলিছে বিধায়ক কমলাক্ষই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.