সোণাপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

By

Published : Mar 17, 2022, 10:45 AM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail
মহানগৰ আৰক্ষীয়ে অভিযান চলায় নিশা সোণাপুৰ টোলগেটৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে । মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে মণিপুৰৰ খাংগেনবাম মাংগী সিং আৰু ছাগলছেম মাংলেংজাও সিং ৷ এই কথা সংবাদ মাধ্যমক জনায় আৰক্ষী পূৱ মণ্ডলৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত বিবেকানন্দ দাসে । তেওঁ কয় যে, গোপন সূত্ৰৰ পম খেদি সোণাপুৰৰ টোলগেটত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰাক এখনত ৪ লাখ ৬০ হাজাৰ yaba টেবলেট, ১২ কেজি Methamphetamine আৰু ১.৫ কেজি হেৰ’ইন জব্দ কৰে । জব্দ হোৱা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১৩৫ কোটি টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.