বোকাখাতত কংগ্ৰেছ প্ৰাৰ্থী ৰুবুল বৰাৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ

By

Published : Mar 6, 2022, 8:12 AM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail
দেওবাৰে 8 বজাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Assam Municipal Election 2022) ৷ নিৰ্বাচনী বিধি অনুসৰি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দুদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছিল সকলো প্ৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ । কিন্তু শনিবাৰে বিয়লি বোকাখাতত নিৰ্বাচনী বিধি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Violating election rules at Bokakhat) ৷ অভিযোগ অনুসৰি, বোকাখাতৰ ১০ নং ৱাৰ্ডত ভোটাৰক প্ৰলোভিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰুবুল বৰাই গোপনে প্ৰচাৰ চলায় (Congress candidate Rubul Bora accused of violating election rules at Bokakhat) ৷ এই ঘটনা সম্পৰ্কে ৰাইজৰ পৰা খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হয় বোকাখাত মহকুমাৰ MCC (নিৰ্বাচনী বিষয়া) স্কোৱাৰ্ড দল আৰু আৰক্ষী ৷ উপস্থিত দলটোৱে ততালিকে আৰম্ভ কৰে তদন্ত ৷ নিৰ্বাচনৰ এদিন পূৰ্বে সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.