বিটিচি আলফা ঐক্যমঞ্চক লৈ প্ৰতিক্ৰিয়া আলোচনাপন্থী আলফাৰ - সভাপতি সঞ্জীৱ বৰুৱা ওৰফে সীমান্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5618312-thumbnail-3x2-0.jpg)
বিগত 2 জানুৱাৰীত বাক্সা জিলাৰ বৰমাত গঠন হোৱা বিটিচি আলফা ঐক্য মঞ্চক ভুৱা আখ্যা আলোচনাপন্থী আলফাৰ ৷ বিটিএডিৰ চাৰিখন জিলাক লৈ গঠন কৰা সংগঠনটোক অস্বীকাৰ কৰে আলোচনাপন্থী আলফাৰ কোকৰাঝাৰ জিলা সমিটিয়ে ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি সভাপতি সঞ্জীৱ বৰুৱা ওৰফে সীমান্তই এই কথা স্পষ্ট কৰি দিয়ে ৷ আলোচনাপন্থী আলফাক কোনো কাৰণতে বিভাজন হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰি প্ৰাক্তন আলফাসকলক সংযুক্ত হৈ থাকিবলৈ আহ্বান জনাই সীমান্তই ৷ আনহাতে সংবাদমেলত ভাৰত চৰকাৰৰ দমন নীতিক কোনো কাৰণতে সহ্য কৰা নহব বুলি কৈ নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধিতা কৰে সংগঠনটোৱে ৷