গান্ধীজীৰ পৰশ ৰৈ যোৱা উত্তৰাখণ্ডৰ এখন বিশেষ আশ্ৰম ! - গান্ধাজীয়ে 125 বছৰ জীয়াই থকাৰ আশাৰে সজা এটা বিশেষ কুটীৰ
🎬 Watch Now: Feature Video
উত্তৰাখণ্ডৰ এটা বিশেষ মন্দিৰ ৷ যি আশ্ৰমত ৰৈ গৈছে গান্ধীজীৰ পৰশ ৷ 1929 চনৰ জুন মাহ, আন্দোলনৰ সময়, গান্ধীজীয়ে সমগ্ৰ দেশতে চলাইছে ব্যাপক সজাগতা ৷ পৰাধীনতাৰ শিকলি চিঙি ব্ৰিটিছৰ হাতৰ পৰা ভাৰতক মুক্ত কৰাৰ উদ্দেশ্যে গান্ধীজী উপস্থিতি হৈছিল পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত ৷ য'ত গান্ধীজীয়ে ভাগ লৈছিল মহিলাৰ এক বিশেষ সভাত ৷ স্বাধীনতা আন্দোলনত মহিলাকসকলৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ দিছিল ৷ আৰু এই সভাতেই উপস্থিতি মহিলা সকলে তেওঁলোকৰ সকলো আ-অলংকাৰ বিক্ৰী কৰি তাৰ সমূহ ধন স্বাধীনতা সংগ্ৰামৰ পুঁজি হিচাপে দান কৰিছিল ৷
Last Updated : Aug 18, 2019, 12:48 PM IST