দিল্লীত হাইভল্টেজ বৈঠকৰ পিচতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া - assam cm issue

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 8, 2021, 3:35 PM IST

নিৰ্বাচনী ফলাফল ঘোষণাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো ৰাজ্যত অব্যাহত মুখ্যমন্ত্ৰীকেন্দ্ৰিক উৎকণ্ঠা ৷ কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? এই লৈ শনিবাৰে দিল্লীস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হয় এলানি গুৰুত্বপূৰ্ণ বৈঠক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি নেতা বৈজয়ন্ত জয় পাণ্ডা আৰু নৰেন্দ্ৰ সিং টোমৰৰ সৈতে পৃথকে পৃথকে বৈঠকত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৷ বৈঠকৰ অন্তত অৱশেষত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে, দেওবাৰে গুৱাহাটীত ঘোষিত হ’ব অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.