ATM ৰ ধন লুটিবলৈ গৈ চোৰৰ বিলৈ ! - বিহাৰৰ উপেন্দ্ৰ ৰায়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 7, 2021, 3:33 PM IST

Updated : Aug 9, 2021, 1:31 PM IST

উদ্দেশ্য আছিল এ টি এম(ATM)ৰ ধন লুটি নিয়া । পূৰ্ব পৰিকল্পনা মতে, এ টি এমটোৰ পিফফালে দেৱালৰ কাষতে লুকাই আছিল চোৰ । কি ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি...উক্ত স্থানত উপস্থিত হ'ল আৰক্ষী । চোৰৰ অংকত লাগি গ'ল খেলিমেলি । আৰক্ষীৰ নিৰ্দেশত চোৰ বাহিৰলৈ ওলাই আহিল ঠিকেই । কিন্তু চোৰটো ওলাই অহাৰ ভিডিঅ' ৰেকৰ্ড কৰিলে আৰক্ষীয়ে । বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ'টোৱে হাঁহিৰ খোৰাক যোগাইছে সকলোকে । দৰাচলতে তামিলনাডু(Tamilnadu)ৰ আনিয়াপুৰমত সংঘটিত হৈছে এই ঘটনা । আনিয়াপুৰমৰ এটা এ টি এমত চোৰটোৱে প্ৰৱেশ কৰে । কিন্তু স্থানীয় লোকে এ টি এমৰ পৰা অস্বাভাৱিক শব্দ শুনাৰ পাছতে নামক্কাল আৰক্ষীক খবৰ দিয়ে । সম্প্ৰতি ন্যায়িক জিম্মাত থকা এই চোৰটো বিহাৰৰ উপেন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জনোৱা মতে, এ টি এমত ২.৬৫ লাখ টকা আছিল । চোৰে ধন লুটি নিয়াত বিফল হয় যদিও এ টি এমটোৰ পিফফালৰ পৰা ওলাই অহাৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে । ভিডিঅ'টো দেখিলে আপুনিও চাগে হাঁহি ৰখাব নোৱাৰিব ।
Last Updated : Aug 9, 2021, 1:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.