জীৱনৰ মোহঃ খোদ চিকিৎসালয়ত উপস্থিত এটি অসুস্থ বান্দৰ - An injured monkey comes to the clinic, gets treatment in Karnataka
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7514646-882-7514646-1591530555430.jpg)
শনিবাৰে কৰ্ণাটকৰ উত্তৰ কন্নাৰ জিলাৰ এখন চিকিৎসালয়ত আহি উপস্থিত হয় এটি অসুস্থ বান্দৰ ৷ বাৰে বাৰে নিজৰ পিঠিখন ঘহি চিকিৎসাকৰ্মীসকলৰ আগত নিজৰ আগমণৰ উদ্দেশ্য বাখ্যাৰ চেষ্টা কৰে বান্দৰটোৱে ৷ ততাতৈয়াকৈ অসুস্থ বান্দৰটোক চিকিৎসাৰ ব্যৱস্থা কৰা হয় ৷ উক্ত সময়ছোৱাত কোনো লোককে আমনি নকৰে বান্দৰটোৱে ৷ পৰৱৰ্তি সময়ত চিকিৎসা গ্ৰহণ কৰি নিজৰ স্থানলৈ উভতি যায় বান্দৰটো ৷ আনহাতে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতে বান্দৰটোৰ এই কাণ্ডই প্ৰতিজনৰে হৃদয় চুই গৈছে ..