thumbnail

AIUDF আৰু বিজেপিৰ চাৰ্টিফিকেট বিচাৰি মই ৰাজনীতি কৰা নাই : মনজিৎ মহন্ত

By

Published : Apr 1, 2022, 2:28 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

AIUDF ৰ বিধায়ক মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ যোৱাৰ কংগ্ৰেছৰ প্ৰমাণ আছে ৷ AIUDF আৰু বিজেপিৰ কথাৰ কোনো ঠিক নাই ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মনজিৎ মহন্তই ৷ উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আয়োজন কৰা হয় এক সংবাদমেলৰ (Press Conference of Assam Pradesh Congress Committee )৷ মনজিৎ মহন্তই কয়, ‘‘শুকুৰবাৰে ব্ৰহ্মপুৱাই সকলোৰে অজ্ঞাতে এ আই ইউ‌ ডি এফৰ পাঁচগৰাকী বিধায়ক মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহলৈ যোৱাৰ আমাৰ হাতত প্ৰমাণ আছে । মনজিৎ মহন্তই প্ৰমাণ নোহোৱাকৈ কোনো কথা নকয়। আমাৰ কথা যদি এ আই ইউ‌ ডি এফৰ পাঁচগৰাকী বিধায়কে মিছা বুলি প্ৰমাণ কৰিব পাৰে আমি ৰাজহুৱা ভাৱে স্বীকাৰ কৰিম’’ ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.