টীয়কত পিষ্টলসহ গ্ৰেপ্তাৰ হোৱা যুৱকক কাৰাগাৰলৈ প্ৰেৰণ - টীয়কত পিষ্টলসহ গ্ৰেপ্তাৰ হোৱা যুৱকক কাৰাগাৰলৈ প্ৰেৰণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 1, 2022, 5:45 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

যোৱা ৩০ মাৰ্চত টীয়কৰ হাঁহচৰা অঞ্চলৰ জিতু গগৈ নামৰ এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰক বিনা কাৰণত মাৰপিট কৰি পিষ্টল দেখুৱাই প্ৰাণে মৰা ভাবুকি প্ৰদান কৰা বুলি দাখিল কৰা অভিযোগৰ ভিত্তিত হাঁহচৰাৰ বিতুপন কলিতা নামৰ এজন যুৱকক পিষ্টলসহ টীয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে জেললৈ প্ৰেৰণ কৰে (Youth arrested with pistol sent to jail)। জিতু গগৈৰ অভিযোগৰ ভিত্তিত IPC/91/22 নম্বৰত এটা গোচৰ ৰজু কৰি টীয়কৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । উল্লেখযোগ্য যে অভিযুক্ত বিতুপনে উক্ত পিষ্টলটো ডিমাপুৰৰ এজন বন্ধুৱে তেওঁক থ'বলৈ দিয়া বুলি উল্লেখ কৰি সুৰামক্ত হৈ উক্ত ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে বিতুপন কলিতাৰ মটৰচাইকেলখনো জব্দ কৰিছে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.