thumbnail

By

Published : Sep 13, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

Nagaon brutal murder: হত্যাকাৰীয়ে কাটিছিল মহিলাৰ জিভা

পুৱাই নগাঁৱৰ হয়বৰগাঁৱৰ গোটলাইপট্টিত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ (Woman body recovered)। আয়েছা ছিদ্দিকি নামৰ প্ৰায় ৫০ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰতে পোৱা গৈছিল । হাত ভৰি বন্ধা অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল (Nagaon murder case)। ঘৰৰ ভিতৰত সকলো সামগ্ৰী ছেদেলিভেদেলি হৈ থকা অৱস্থাত পোৱা গৈছিল । যাৰ বাবে আত্মীয় আৰু স্থানীয় লোকে এয়া ডকাইতি ঘটনা বুলি সন্দেহ কৰিছিল । কিন্তু আৰক্ষীৰ প্ৰাথমিক তদন্তত নতুন তথ্য পোহৰলৈ আহিছে । আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰীয়ে মহিলাগৰাকীৰ জিভাখন কাটিছিল । আৰক্ষীয়ে সন্দেহ কৰা মতে এয়া ডকাইতি ঘটনা নহয় (woman brutally killed in Nagaon) । কিয়নো মহিলাগৰাকীৰ ঘৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গৰ্ভনিৰোধক সামগ্ৰীও উদ্ধাৰ কৰিছে (Contraceptive item found at murder victim house)। ঘৰটোত অসামাজিক কাৰ্যকলাপ চলি থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । বৰ্তমানলৈকে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ অহা নাই যদিও বিগত ৬ বছৰৰ পৰা ঘৰটোত অকলেই থকা মহিলাগৰাকীক কোনে, কিয় হত্যা কৰিলে তাক লৈ চাঞ্চল্য অব্যাহত আছে । ইফালে ঘৰটোৰ পৰা গৰ্ভনিৰোধক সামগ্ৰী উদ্ধাৰ হোৱাক লৈও ৰহস্যৰ সৃষ্টি হৈছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.