Mob torches Batadrava Police Station incident: বটদ্ৰৱা কাণ্ডক লৈ শিখা শৰ্মাৰ বিস্ফোৰক মন্তব্য - বটদ্ৰৱা থানাত উপস্থিত হয় শিখা শৰ্মা
🎬 Watch Now: Feature Video

মঙলবাৰে বটদ্ৰৱা থানাত উপস্থিত হয় শিখা শৰ্মাৰ নেতৃত্বত তৃণমুল কংগ্ৰেছৰ এটা প্ৰতিনিধিৰ দল । থানাখনত উপস্থিত হৈ থানা জ্বলোৱা লোকসকলক দুৰ্বৃত্ত বুলি ক’বলৈ বেয়া পাইছো বুলি মন্তব্য কৰে শিখা শৰ্মাই । অৱশ্যে থানা জ্বলাই দিয়াটো অন্যায় হৈছে বুলিও মন্তব্য কৰে শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰা লেখিকাগৰাকীয়ে । আৰক্ষী আৰু ৰাইজ কোনেও আইন হাতত তুলি ল’ব নালাগে বুলি মন্তব্য কৰে শিখা শৰ্মাই (Sikha Sarma on Batadrava violence) ৷
Last Updated : Feb 3, 2023, 8:23 PM IST