Man killed in train collision: শিৱসাগৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এজনৰ মৃত্যু

By

Published : Jul 28, 2022, 7:36 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail
শিৱসাগৰৰ ৰে’লৱে ষ্টেচনৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা ৷ ২০৫০৩ নম্বৰৰ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হ’ল এগৰাকী অচিনাক্ত ব্যক্তি (One died in Rajdhani Express collision)৷ ১৬/১ আৰু ১৬/২ ৰে’লৱে ট্ৰেকৰ মাজত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ শিৱসাগৰ ৰে'ল ষ্টেচনৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰ পি এফৰ জোৱানে শিমলুগুৰিস্থিত কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে জনালে আৰক্ষীক ৷ ঘটনাস্থলীত শিৱসাগৰ সদৰ থানাৰ আৰক্ষীৰ এটি দল মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে ৷ অৱশ্যে বৰ্তমানলৈকে ব্যক্তি গৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.