Leopard caged in Dibrugarh: শালমাৰি চাহ বাগিছাত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী - Salmari tea estate in Dibrugarh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15678107-thumbnail-3x2-bagh.jpg)
ডিব্ৰুগড় জিলাৰ খোৱাংস্থিত শালমাৰি চাহ বাগিছাত নাহৰফুটুকীৰ তাণ্ডৱ (Leopard in Salmari tea estate) ৷ মঙলবাৰে খোৱাঙৰ বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত নাহৰফুটুকীটো পিঞ্জৰাৱদ্ধ কৰিবলৈ সক্ষম হয় (Leopard caged in Salmari tea estate) ৷ জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা শালমাৰি চাহ বাগিছা অঞ্চলত সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে । নাহৰফুটুকীক কৰায়ত্ব কৰিবলৈ যোৱা ২৫ জুন তাৰিখে বন বিভাগে অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰিছিল ৷ অৱশেষত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস লৈছে স্থানীয় লোকসকলে ৷ পিঞ্জৰাত আৱদ্ধ হৈ থকা নাহৰফুটুকীটো চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷
Last Updated : Feb 3, 2023, 8:24 PM IST