Pronita Chutia Release: মুক্তি লাভ কৰিলে মাইনাই, জনালে কাৰাগাৰৰ অভিজ্ঞতা

By

Published : Aug 5, 2022, 7:23 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

কাৰাগাৰৰ পৰা ওলাল বক্সিং আৰু উশ্বু খেলুৱৈ মাইনা চুতীয়া (Pronita Chutia releases from jail)৷ কাৰাগাৰৰ পৰা ওলায়েই সংবাদ মাধ্যমৰ মুখামুখি হ’ল প্ৰতিভাৱান খেলুৱৈগৰাকী ৷ কাৰাগাৰত থাকি বহুত কথা শিকা বুলি মন্তব্য কৰে খেলুৱৈগৰাকীয়ে ৷ জেইল বেয়া নহয় বুলিও ক’লে মাইনাই ৷ সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)-ৰ সমৰ্থনত জানি-বুজি মন্তব্য কৰা নাছিল বুলি উল্লেখ কৰে শুকুৰবাৰে কাৰামুক্ত হোৱা ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে (Assam sportsperson posted comment supporting ULFA I)৷উল্লেখ্য যে, আলফা(স্বা)ৰ সমৰ্থনত মন্তব্য কৰি কাৰাবন্দী হোৱা খেলুৱৈগৰাকীয়ে প্ৰায় ডেৰমাহৰ অন্তত আজি মুক্তিলাভ কৰে ৷ আনহাতে অহা ৭ আৰু ৮ আগষ্টত গুৱাহাটী অনুষ্ঠিত হ’বলগা উশ্বু খেলৰ প্ৰতিযোগিতাত(Wushu Championship in Guwahati) অংশগ্ৰহণ কৰিব মাইনা চুতীয়া ওৰফে প্ৰণিতা চুতীয়াই ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.