Golden Biscuit Seized in Guwahati: গুৱাহাটীত 30 লক্ষাধিক টকা মূল্যৰ সোণৰ বিস্কুট জব্দ - ৰাজধানী এক্সপ্ৰেছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16801130-thumbnail-3x2-fdjgvds.jpg)
বৃদ্ধি পাইছে ৰে’লযোগে বিভিন্ন সামগ্ৰীৰ অবৈধ সৰবৰাহ । মঙলবাৰে গুৱাহাটী ৰে’লৱে’ ষ্টেচনত(Guwahati Railway Station) জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা সোণৰ বিস্কুট । ৰে’ল আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছত(Rajdhani Express) অভিযান চলাই সোণৰ বিস্কুটসহ এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে । ধৃত লোকজন বিহাৰৰ ৰঞ্জিত শৰ্মা বুলি জানিব পৰা গৈছে । গুৱাহাটী ৰে’ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসে কয় যে, ৰে’ল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা ৬ খন সোণৰ বিস্কুট জব্দ কৰে (Golden Biscuit Seized in Guwahati)। ডিমাপুৰৰ পৰা বিহাৰলৈ বুলি ধৃত লোকজনে নি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি ছখনকৈ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে । জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা (Railway Police seized gold from train in Guwahati) ।
Last Updated : Feb 3, 2023, 8:31 PM IST