Fit India Freedom Run: তেজপুৰত ফিট ইণ্ডিয়া ফ্ৰিদম ৰান
🎬 Watch Now: Feature Video
আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি তেজপুৰ জিলা প্ৰশাসনে জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তৃতীয় সংখ্যক ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ(Fit India Freedom Run) প্ৰতিযোগিতাৰ আয়োজন কৰে । ২ অক্টোবৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা এই মাৰাথানৰ উদ্দেশ্য হৈছে সকলোৱে যাতে নিজকে ফিট আৰু সুস্থ কৰি ৰাখিব পাৰে । তেজপুৰ নেহৰু ময়দানত আয়োজন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা(Tezpur MLA Prithviraj Rabha), শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে ক্ৰীড়া জগতৰ কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তিয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST