Oil thief terror : কলগাছিয়াত তেল চোৰৰ গুণ্ডাৰাজ - Oil thieves attack public
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16799337-138-16799337-1667274525745.jpg)
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাংকাভাঙা গাঁৱত মোবাইল টাৱাৰৰ তেল চুৰি কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে (Oil thieves terror in Kalgachia)। তেল চুৰি কৰিবলৈ অহা চোৰে প্ৰহাৰ কৰিলে স্থানীয় লোকক । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি । অভিযোগ অনুসৰি বিগত দুই বছৰ ধৰি চাহজাহান, সাহ আলম আৰু শুকুৰ আলী মণ্ডল নামৰ তিনিজন লোকে সপ্তাহত ২-৩ বাৰকৈ টাৱাৰৰ ডিজিৰ পৰা তেল উলিয়াই বিক্ৰী কৰি আহিছে । চোৰ কেইটাৰ অতপালি বন্ধ কৰাৰ উদ্দেশ্যে অৱশেষত ৰাইজে সোমবাৰে চোৰ কেইটাক কৰায়ত্ত কৰাৰ চেষ্টা কৰে । তেল চুৰি কৰি AS-15-L-5238 নম্বৰৰ বাইকেৰে পলায়নৰ চেষ্টা কৰাৰ সময়তে ৰাইজে চোৰকেইটাক কৰায়ত্ত কৰে । কিন্তু তাৰ পিছমুহূৰ্ততে তিনিওটা তেল চোৰে হাতে হাতে লাঠী লৈ ওচৰ-চুবুৰীয়াক আক্ৰমণ কৰে (Oil thieves attack public) । স্থানীয় লোক আৰু চোৰ কেইটাৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় আৰু অৱশেষত তেল আৰু বাইক এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চোৰ কেইটাই । যাক লৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰভিটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইফালে চোৰ কেইটাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকসকলে ।
Last Updated : Feb 3, 2023, 8:30 PM IST