Drunken Police in Nagaon: সুৰাৰ ৰাগীত মাতাল হৈ নগাঁৱত কনিষ্টবলৰ উদ্ভণ্ডালি
🎬 Watch Now: Feature Video
কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল হ’ল এজন আৰক্ষী কনিষ্টবল (Drunken Police in Nagaon)৷ নগাঁৱৰ ইটাচালী টাউন আৰক্ষী চকীৰ(Itachali Town Police Out Post) কনিষ্টবলজনে বিহুৰ নিশা কৰিলে উদ্ভণ্ডালি ৷ দেওবাৰে নিশা নগাঁৱৰ নৰ্তমগাঁৱত অনৈতিক কাৰ্যত থকাৰ অভিযোগ এগৰাকী মহিলা আৰু এজন পুৰুষক হাতে-লোটে ধৰিছিল স্থানীয় লোকে ৷
এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈছিল ইটাচালী টাউন আৰক্ষী চকীৰ এটা দল ৷ আৰক্ষীৰ দলটোত আছিল সুৰাৰ ৰাগীত মাতাল এজন কনিষ্টবল ৷ নিচাসক্ত কনিষ্টবলজনে ঢলংপলং খোজেৰে গাঁওৰক্ষী বাহিনীৰ লোকক থেলা-গতা কৰাৰ অভিযোগ উত্থাপিত হৈছে (Drunken constable Itachali Nagaon)৷ হাতত বন্দুক লৈ কনিষ্টবলজনে উদ্ভণ্ডালি কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷