Lachit Barphukan Memorial and Cultural Project : টীয়কত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ ভূমি পূজন - যোৰহাট কাছাৰী মৈডামত এক বিশাল জনসভাত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 15, 2022, 10:56 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

টীয়কৰ হোলোঙাপাৰস্থিত বীৰ লাচিত মৈদামত অসম চৰকাৰে বীৰ লাচিতৰ শৌৰ্য বীৰ্য উত্তৰ প্ৰজন্মৰ আগত প্ৰদৰ্শন কৰাৰ উদ্দেশ্য বৃহস্পতিবাৰে মৈদাম প্ৰাংগনত প্ৰায় ডেৰশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ ভূমি পূজন কৰে (Lachit Barphukan Memorial and Cultural Project ) ৷ এই ভূমি পূজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)অংশগ্ৰহণ কৰে। ইতিমধ্যে লাচিত মৈদম প্ৰাংগনত বৈদিক ৰীতি-নীতিৰে ভূমিপূজনৰ যাৱতীয় পূজা আৰম্ভ হৈছে তাৰ সমান্তৰালকৈ আহোম সকলৰ পৰম্পৰাগত পূজা অৰ্চনাৰ ব্যৱস্থা কৰিছে (Lachit Barphukan Memorial and Cultural Project at Teok) ৷ উল্লেখযোগ্য যে ইতিমধ্য সমগ্ৰ প্ৰকল্পৰ নক্সা প্ৰস্তুত কৰা হৈছে আৰু ভূমি পূজনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পৰ নক্সাৰ ফিটা কাটিব ৷ ইতিমধ্যে জিলা প্ৰসাশনে আৰু লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ কিছু সময়ৰ পাচত মুখ্যমন্ত্ৰীগৰাকী উক্ত অনুষ্ঠানত উপস্থিত হ’ব আৰু যোৰহাট কাছাৰী মৈদামত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব ৷ আজি সন্ধিয়া যোৰহাটত কেবিনেট বৈঠকত মিলিত হ'ব ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.