Teok bee farm: মৌ পালনেৰে বছৰি প্ৰায় ৮ লাখ টকা উপাৰ্জন টীয়কৰ প্ৰদীপ ফুকনৰ - মৌ বাহ পালনেৰে দেখুৱাইছে স্বাৱলম্বীতাৰ পথ
🎬 Watch Now: Feature Video
মৌ পালনেৰে স্বাৱলম্বী হৈছে টীয়কৰ এগৰাকী ব্যক্তি (Self sufficient in beekeeping in Teok)৷ টীয়কৰ বাইলুং গাঁৱৰ প্ৰদীপ ফুকনে কলেজীয়া দিনৰ পৰাই মৌ পালন কৰি আহিছে যদিও আজি প্ৰায় ৬ বছৰ ধৰি এই মৌ পালনক ব্যৱসায়িক ভিত্তিত গ্ৰহণ কৰি সমাজৰ বাবে নিৰ্দশন হৈ পৰিছে । নিজৰ ঘৰতে ১০০ ৰো অধিক মৌ বাহ পালনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ (Teok honey farm)। মৌ জোল উৎপাদনৰ লগতে মৌ বাহো বিক্ৰী কৰে প্ৰদীপ ফুকনে । বছৰি মৌ পালনেৰে প্ৰদীপ ফুকনে উপাৰ্জন কৰে প্ৰায় ৭-৮ লাখ টকা । ইপিনে গাঁৱৰ কেইবাটাও আগ্ৰহী মহিলা গোটকো মৌ পালনৰ প্ৰশিক্ষণ প্ৰদানেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে প্ৰদীপ ফুকনে । নিজৰ ঘৰৰ বাৰীতে বিভিন্ন ধৰণৰ থলুৱা ফুল, বগৰি, লিচু, আম, ড্ৰেগন ফলকে ধৰি বহু ফল-মূলৰ গছ ৰোপণ কৰি মৌৰ খাদ্য যোগানৰ ব্যৱস্থা কৰিছে ফুকনে । সেয়ে কেৱল চাকৰিমুখী নহৈ পৰিকল্পিতভাৱে যিকোনো ব্যৱসায়তে নিজকে আত্মনিয়োগ কৰি স্বাৱলম্বী হৈ অসমৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ উঠি অহা প্ৰজন্মক আহ্বান জনাইছে এই ব্যক্তিজনে । বিশেষকৈ বৰ্তমান বজাৰত চাহিদা বৃদ্ধি পাইছে নিৰ্ভেজাল মৌৰ । সেয়ে অন্যান্য ব্যৱসায়ৰ তুলনাত কম কষ্ট কম সময়ৰ ভিতৰত অধিক উপাৰ্জনৰ বাবে মৌ পালনে উত্তম ব্যৱসায় বুলি অভিহিত কৰি সকলোকে মৌ পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত ইচ্ছুক সকলক সৰ্বতোপ্ৰকাৰে তেওঁ সহযোগিতা আগবঢ়াব বুলি সদৰী কৰিছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST