Holi celebration in Batadraba: পাঁচদিনীয়া কাৰ্য্যসূচীৰে বটদ্ৰৱাত ফাল্গুৎসৱ - Holi festival at Batadrava shrine
🎬 Watch Now: Feature Video
তাল খোলৰ শব্দত মুখৰিত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান । বৃহস্পতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে ফাল্গুৎসৱ(Holi festival at Batadrava shrine) । ফাল্গুৎসৱ উপলক্ষে উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে বটদ্ৰৱা থানত । প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুযায়ী বৃহস্পতিবাৰে সন্ধিয়া নাম প্ৰসংগৰ লগতে অনুষ্ঠিত গন্ধ উৎসৱ । বটদ্ৰৱা থানৰ স্থায়ী কীৰ্তন ঘৰৰ পৰা গোঁসাইক উলিয়াই স্থাপন কৰা হয় অস্থায়ী ৰভাঘৰত(Holi celebration in Batadraba) । অস্থায়ী ৰভা ঘৰত নাম প্ৰসংগৰ লগতে গোসাঁইক স্নান কৰোৱাই পৰিধান কৰা হয় ন বস্ত্ৰ । কাৰ্য্যসূচী অনুযায়ী শুকুৰবাৰে অনুষ্ঠিত হ'ব গোঁসাইৰ মূৰত ফাকু দিয়া উৎসৱ । একেদৰে শনিবাৰে গোসাঁইক উলিয়াই কৰা হ'ব শোভাযাত্ৰা । গোঁসাইক লৈ শোভাযাত্ৰা কৰি দৌল মন্দিৰত উপস্থিত হোৱাৰ পিছত শনিবাৰে পুনৰ স্থায়ী কীৰ্তন ঘৰত গোঁসাইক স্থাপন কৰা হ'ব ৷
Last Updated : Feb 3, 2023, 8:20 PM IST