তেল চুৰ কৰি ৰঙা ঘৰত সোমাল ৰাম বাবু শ্বাহ - তেল চুৰ কৰি ৰঙা ঘৰত সোমাল ৰাম বাবু শ্বাহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14691613-thumbnail-3x2-dig.jpg)
ডিগবৈত পুনৰ আৰক্ষীৰ জালত পৰিল এটা তেল চোৰ ৷ অভিযুক্ত নিকু সিঙৰ পিছতেই ডিগবৈত আটক হৈছে তেল চোৰ ৰাম বাবু শ্বাহ ৷ গোপম সূত্ৰৰ পমখেদি ডিগবৈ আৰক্ষীয়ে লাভ কৰা এক তথ্যৰ ভিত্তিত, পাৱৈস্থিত এখন ধাবাৰ পৰা ডিগবৈ আৰক্ষীয়ে আটক কৰে ৰাম বাবু শ্বাহক (Digboi police arrest crude oil theft in Digboi)। অভিযোগ অনুসৰি, ডিগবৈৰ পাৱৈত তেল চোৰৰ ঘাটি পাতি টেংকাৰৰ পৰা তেল চোৰ কৰে ৰাম বাবুয়ে । কিছুদিন পূৰ্বে আৰক্ষীয়ে এটা চোৰাং ঘাটিত অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ তেল । জব্দকৃত তেলখিনিৰ সৈতে জড়িত হৈ থকা মূল অভিযুক্ত দিলীপ সিং আৰু ভগৱান শ্বাহ বৰ্তমানো পলাতক । অৱশ্যে বৰ্তমানেও কেইবাটাও তেল চোৰক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST