ETV Bharat / sukhibhava

World Heart Day 2023: বিশ্ব হৃদযন্ত্ৰ দিৱস সন্দৰ্ভত জনা-নজনা কিছু কথা

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:00 AM IST

প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত বিশ্ব হৃদযন্ত্ৰ দিৱস পালন কৰা হয় । এইবাৰ এই দিৱস ‘Use Heart, Know Heart’ শীৰ্ষক বিষয়বস্তুৰ সৈতে উদযাপন কৰা হৈছে । এই বিষয়বস্তুৰ উদ্দেশ্য হৈছে নিজৰ হৃদয়খন সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰা ।

World Heart Day 2023
বিশ্ব হৃদযন্ত্ৰ দিৱস

হৃদযন্ত্ৰ আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ ৷ ই সমগ্ৰ শৰীৰটোৰ কাৰ্য সম্পন্ন কৰে ৷ যদি আমি হৃদৰোগত আক্ৰান্ত হওঁ তেন্তে ই আমাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় ৷ গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ আজিৰ সময়ত যুৱক-যুৱতীসকলো হৃদৰোগৰ বলি হৈছে ৷ গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে প্ৰচেষ্টা চলোৱাটো জৰুৰী ৷

বিশ্ব হৃদযন্ত্ৰ দিৱসৰ ইতিহাস: এই দিৱস আৰম্ভ কৰিছিল WHF আৰু WHOয়ে ৷ এই দিৱসটো ছেপ্টেম্বৰৰ অন্তিম দেওবাৰে উদযাপন কৰিবলৈ ঘোষণা কৰা হয় ৷ কিন্তু ২০০০ চনৰ ২৪ ছেপ্টেম্বৰত ইয়াক আৰম্ভ কৰা হয় ৷ ইয়াৰ পিছত ২৯ ছেপ্টেম্বৰত বিশ্ব হৃদযন্ত্ৰ দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

বিশ্ব হৃদযন্ত্ৰ দিৱসৰ উদ্দেশ্য: বিশ্ব হৃদযন্ত্ৰ দিৱসৰ উদ্দেশ্য হৈছে মানুহক হৃদযন্ত্ৰৰ সৈতে জড়িত ৰোগৰ বিষয়ে সকলোকে সজাগ কৰা ৷ আজি বিশ্বৰ জনসাধাৰণক প্ৰভাৱিত কৰা হৃদযন্ত্ৰ সম্পৰ্কীয় বিষয় আৰু ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে WHF-এ এই দিৱসটো প্ৰতিষ্ঠা কৰা হৈছিল ৷

বিশ্ব হৃদযন্ত্ৰ দিৱস কিয় পালন কৰা হয়: বিশ্ব হৃদযন্ত্ৰ দিৱসৰ বিষয়ে মানুহে জনাটো অতি প্ৰয়োজনীয় কাৰণ হৃদৰোগ সম্পৰ্কীয় ৰোগৰ বিষয়ে মানুহৰ মাজত সজাগতাৰ অভাৱ দেখা যায় ৷ অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু ভুল জীৱনশৈলীৰ বাবে সকলো বয়সৰ লোকেই হৃদযন্ত্ৰৰ সৈতে জড়িত ৰোগত আক্ৰান্ত হয় ৷ সেয়েহে এই দিৱসটো হৃদযন্ত্ৰৰ সৈতে জড়িত ৰোগৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্যে পালন কৰা হয় ৷

২০২৩ চনৰ বিশ্ব হৃদযন্ত্ৰ দিৱসৰ বিষয়বস্তু: এইবাৰ বিশ্ব হৃদযন্ত্ৰ দিৱস ‘‘Use Heart, Know Heart’’ শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা হৈছে ৷ ইয়াৰ উদ্দেশ্য হৈছে আপোনাৰ হৃদযন্ত্ৰ নিজেই সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰা ৷

লগতে পঢ়ক: World Contraception Day 2023: গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰাটো নিৰাপদনে ? বিশেষজ্ঞৰ পৰা ইয়াৰ সত্যতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.