ETV Bharat / sukhibhava

World Egg Day 2023: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে কণীৰ আচৰিত উপকাৰিতা জানি লওক - বিশ্ব কণী দিৱসৰ ইতিহাস

কণীক ছুপাৰফুড বুলি জনা যায় । ইয়াত বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য । ইয়াত প্ৰ’টিন, ভিটামিন ডি, কেলচিয়াম আৰু বহুতো ভিটামিন পোৱা যায় । স্বাস্থ্য বিশেষজ্ঞসকলেও দৈনিক এটা কণী খোৱাৰ পৰামৰ্শ দিয়ে যাতে আপুনি বহু ৰোগৰ পৰা হাত সাৰিব পাৰে, গতিকে কণী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানি লওক ।

World Egg Day 2023:  From increasing immunity to controlling weight, know the amazing benefits of eating superfood eggs
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে কণীৰ আচৰিত উপকাৰিতা জানি লওক
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 5:43 PM IST

আমি সকলোৱে জানো যে কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ মানুহে প্ৰায়ে ব্ৰেকফাষ্টত ইয়াক গ্ৰহণ কৰে ৷ ইয়াক ব্যৱহাৰ কৰি বহু ধৰণৰ ৰেচিপি তৈয়াৰ কৰা হয় ৷ কণী সোৱাদযুক্ত হোৱাৰ উপৰিও স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী ৷

সেয়ে ইয়াৰ উপকাৰিতাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে বিশ্ব কণী দিৱস পালন কৰা হয় ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে কণীৰ পুষ্টি আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে মানুহক সজাগ কৰা ৷ গতিকে এই বিশেষ দিনটোত জানো আহক কণী খোৱাৰ উপকাৰিতা কি কি ৷

প্ৰ’টিনৰ সমৃদ্ধ উৎস

কণীত প্ৰটিনৰ প্ৰচুৰ উৎস ৷ এটা সিজোৱা কণীত প্ৰায় ৬ গ্ৰাম প্ৰটিন থাকে ৷ দৈনিক সিজোৱা কণী খালে শৰীৰৰ প্ৰটিনৰ অভাৱ দূৰ কৰে ৷ যদি আপুনি ওজন কমাব বিচাৰে তেন্তে নিয়মিতভাৱে সিজোৱা কণী খাব লাগে ৷ ইয়াৰ ফলত পেশী গঠনত সহায় হয় ৷ ইয়াৰ উপৰিও কণী খালে চুলি আৰু নখ সুস্থ হৈ থাকে ৷

চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায়ক

সিজোৱা কণীত বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে চকুক সুস্থ কৰি ৰখাত সহায় কৰে ৷ ইয়াত ভিটামিন-ই, ভিটামিন-এ লুটিন, জিএক্সান্থিন আৰু চেলেনিয়ামৰ দৰে বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে চকুক ক্ষতিৰ পৰা ৰক্ষা কৰে ৷ বিশেষকৈ লুটিন আৰু জিএক্সান্থিনে চকুৰ লগত জড়িত ৰোগ হ্ৰাস কৰাত সহায় কৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ বাবে আপুনি আপোনাৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱা উচিত ৷ ৰাতিপুৱাৰ ব্ৰেকফাষ্টত সিজোৱা কণী অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াৰ কুহুমত ভিটামিন ডি পোৱা যায়, যিয়ে আপোনাক চৰ্দি আৰু ফ্লুৰ পৰা ৰক্ষা কৰে ৷ ইয়াক উৎকৃষ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী হিচাপে জনা যায় ৷ কণী খালে শৰীৰে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ লাভ কৰে ৷

মগজুৰ বাবে উপকাৰী

কণী স্বাস্থ্যৰ বাবে অতি লাগতিয়াল ৷ কণী খালে মগজুৰ স্বাস্থ্য উন্নত হয় ৷ কণীত ভিটামিন বি ১২, বি ৬, ক’লিন আৰু ফ’লেট আদি পোৱা যায় ৷ যিয়ে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে ৷

ছালখন সুস্থ কৰি ৰাখে

স্বাস্থ্যৰ লগতে ছালৰ বাবেও স্বাস্থ্যসন্মত আহাৰ অতি গুৰুত্বপূৰ্ণ ৷ এনে পৰিস্থিতিত আপুনি কণীক খাদ্যৰ অংশ হিচাপে ল’ব লাগিব ৷ ইয়াত চেলেনিয়াম পৰ্যাপ্ত পৰিমাণে পোৱা যায়, যিয়ে আপোনাৰ ছালখনক সুস্থ ৰখাৰ কৰি ৰাখে ৷

লগতে পঢ়ক: Desi Ghee: দেশী ঘিউৰ অত্যধিক সেৱনে শৰীৰৰ ক্ষতি কৰিব পাৰে নেকি, বিশেষজ্ঞৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.