ETV Bharat / sukhibhava

World Remembrance Day: পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰাৰ উদ্দেশ্যে পালন বিশ্ব স্মৃতি দিৱস - বিশ্ব স্মৃতি দিৱস 2022

প্ৰতি বছৰে নৱেম্বৰ মাহৰ তৃতীয় দেওবাৰে পথ দুৰ্ঘটনাত হতাহত হোৱা লোকৰ স্মৃতিত বিশ্ব স্মৃতি দিৱস পালন কৰা হয় । ১৯৯৩ চনত পোন প্ৰথমে ব্ৰিটিছ পথ দুৰ্ঘটনাগ্ৰস্ত দাতব্য সংস্থা ৰোডপিছে (RoadPeace) আৰম্ভ কৰা এই দিৱসটি ২০০৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰে ।

World Day of Remembrance for Road Traffic Victims 2022
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলক স্মৰণ কৰাৰ উদ্দেশ্যে পালন বিশ্ব স্মৃতি দিৱস
author img

By

Published : Nov 20, 2022, 12:03 PM IST

প্ৰতি বছৰে নৱেম্বৰ মাহৰ তৃতীয় দেওবাৰে পথ দুৰ্ঘটনাত হতাহত হোৱা লোকৰ স্মৃতিত বিশ্ব স্মৃতি দিৱস পালন কৰা হয় । ১৯৯৩ চনত পোন প্ৰথমে ব্ৰিটিছ পথ দুৰ্ঘটনাগ্ৰস্ত দাতব্য সংস্থা ৰোডপিছে (RoadPeace) আৰম্ভ কৰা এই দিৱসটি ২০০৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰে । ২০২২ বৰ্ষৰ পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলৰ বাবে বিশ্ব স্মৃতি দিৱসৰ বিষয়বস্তু হৈছে,"Decade of action for road safety"

পথ দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ লগতে তেওঁলোকৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অন্যান্য ক্ষতিগ্ৰস্ত লোকসকলক স্মৰণ কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰৰ ২০ নৱেম্বৰৰ দিনাটো স্মৃতি দিৱস হিচাপে পালন কৰা হয় । ২০২০ চনৰ পথ যান-বাহন ভুক্তভোগীক স্মৰণ বিশ্ব দিৱসৰ বিষয়বস্তু হৈছে “First Responders”। ২০২১ চনৰ পথ যাতায়তৰ বলি হোৱা লোকসকলৰ বাবে বিশ্ব স্মৃতি দিৱসৰ বিষয়বস্তু আছিল “ACT FOR LOW SPEEDS /ACT FOR LOW-SPEED STREETS”।

আমি যদি মন কৰো, শতকৰা ৪০ শতাংশ পথ দুৰ্ঘটনাৰ বিশেষকৈ বাইক দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে ঘূণীয়া হোৱা বা মৃত্যুক সাৱটি লোৱা লোকৰ ভিতৰত স্কুল-কলেজত অধ্যয়নৰত ল’ৰা-ছোৱালীৰ সংখ্যা সবাধিক ।

সুচল ৰাষ্টা-ঘাটৰ প্ৰসাৰতা বৃদ্ধিৰ লগে লগে উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনাসমূহ । শেহতীয়া এক সমীক্ষা অনুসৰি, ভাৰতবৰ্ষত গড়ে যিমানসংখ্যক লোকে স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে তাতকৈ অধিক সংখ্যক লোকে পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয় । বিষয়টো চিন্তনীয় ।

উল্লেখ্য যে, শনিবাৰে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ইটিভি ভাৰতত কৰ্মৰত কেৰালাৰ নিৱাসী নিবেদিতা সূৰজে (Journalist Nivedita Sooraj passes away)৷ পুৱাই প্ৰাতঃকৰ্ম সম্পন্ন কৰি ভগৱানৰ শ্ৰীচৰণত আশীষ লৈ ৰাওনা হৈছিল কৰ্মস্থান ইটিভি ভাৰত অভিমুখে ৷ সময় তেতিয়া পুৱা ৫ বাজিছিল ৷ ভাড়াতীয়া কোঠাটোত তলা লগাই বান্ধৱী সোণালী সাউৰৰ সৈতে খোজ লৈছিল ভাগ্যলথাৰ নিৰ্দিষ্ট বাছ আস্থানটোৰ দিশে ৷

কিন্তু সেই সময়তে কালৰ দূত হৈ আহিল এখন চাৰিচকীয়া বাহন, আৰু...সকলো যেন স্তব্ধ হৈ পৰিল ৷ প্ৰত্যক্ষদৰ্শীও এক মূহুৰ্তৰ বাবে বাকৰুদ্ধ হৈ পৰিল ৷ সহকৰ্মী তথা অইন পথাচাৰীৰ সন্মুখতে কালৰূপী চাৰিচকীয়া বাহনে মহতীয়াই নিলে নিবেদিতাক (Road accident in Hyderabad) ৷ দ্ৰুতবেগী বাহনখনৰ খুন্দাত ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটিলে নিবেদিতাই ৷

ইফালে, নিবেদিতাৰ খুন্দিওৱাৰ লগতে বাহনখনে খুন্দিয়াই মহাৰাষ্ট্ৰৰ নিৱাসী সোনালীক(Sonali chawre content editor of ETV Bharat UP)৷ ইয়াৰ পিছতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা সোণালী আৰু নিহত নিবেদিতাক প্ৰেৰণ কৰা হয় এখন ব্যক্তিগত চিকিৎসালয়লৈ ৷

এনেধৰণৰ মৃত্যদূত স্বৰূপ পথ দুৰ্ঘটনাৰপৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে সচেতনতা ৷ যদি এই সচেতনতা অৱলম্বন কৰা হয় তেন্তে আমি কেতিয়াও কোনো আমাৰ আপোনজনৰ হেৰুওৱাবলগীয়া নহয় ৷ ইয়াৰ লগতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আনুসংগিক কাৰণসমুহো আমি ফঁহিয়াই চাব লাগিব । মুঠতে পথ দুৰ্ঘটনাৰ দৰে বৰ্তমানৰ ভয়াৱহ সমস্যা এটাৰপৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি ৰজাঘৰীয়া প্ৰজাঘৰীয়াই সমানে হাত উজান দিব লাগিব । অন্যথা, পথ দুৰ্ঘটনা ৰোধ কৰাটো অসম্ভৱ ।

লগতে পঢ়ক: World Toilet Day 2022: ছেনিটাইজেচনক মুখ্য কৰি বিশ্বজুৰি পালন বিশ্ব শৌচালয় দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.