ETV Bharat / sukhibhava

World Acupuncture Day 2022: শুনিছেনে আকুপাংচাৰ চিকিৎসাৰ বিষয়ে, ইয়াৰ উপকাৰিতাসমূহ জানিবলগীয়া - Ancient Chinese Medicine

আকুপাংচাৰ হৈছে বিষ আৰু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা চীনৰ প্ৰাচীন চিকিৎসা ব্যৱস্থা শৰীৰৰ বিভিন্ন অংশত পাতল দীঘল বেজী লগাই চিকিৎসা কৰা হয় আকুপাংচাৰ দীৰ্ঘদিন ধৰি চীনা চিকিৎসাৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ আহিছে ।

Know the history of World Acupuncture Day
শুনিছেনে আকুপাংচাৰ চিকিৎসাৰ বিষয়ে, ইয়াৰ উপকাৰিতাসমূহ জানিবলগীয়া
author img

By

Published : Nov 15, 2022, 5:30 AM IST

আকুপাংচাৰ হৈছে বিষ আৰু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা চীনৰ প্ৰাচীন চিকিৎসা ব্যৱস্থা শৰীৰৰ বিভিন্ন অংশত পাতল দীঘল বেজী লগাই চিকিৎসা কৰা হয় আকুপাংচাৰ দীৰ্ঘদিন ধৰি চীনা চিকিৎসাৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ আহিছে । প্ৰথমে ইয়াক চিকিৎসা পদ্ধতি হিচাপে আৱিষ্কাৰ কৰা হৈছিল যদিও পিছলৈ ইয়াক বিজ্ঞানে স্বীকৃতি দিয়া নাছিল(World Acupuncture Day 2022) ৷ আকুপাংচাৰ মূলতে: লেটিন ভাষাৰ শব্দ; ‘আকু’ মানে বেজী আৰু পাংচাৰ মানে হ’ল ফুটুৱা(Benefits of Acupuncture) ।

ইতিহাস

আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ প্ৰথমে চীনত উদ্ভাৱন হৈছিল । খ্ৰীষ্টজন্মৰ ২৮০০ বছৰ আগতে ৰচিত ‘ইয়েলো ইম্পেৰছ ক্লাছিক অৱ্ ইন্টাৰনেল মেডিচিন’ নামৰ গ্ৰন্থখনিত আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ বিশদ বিৱৰণ পোৱা যায় । এইখন গ্ৰন্থক চিকিৎসা বিজ্ঞানৰ প্ৰাচীনতম গ্ৰন্থ বুলিও আখ্যা দিয়া হয় । চীনা সম্ৰাট ফু চিয়েও আকুপাংচাৰ সম্পৰ্কীয় এখন গ্ৰন্থ লিখিছিল । গ্ৰন্থখনৰ নাম আছিল ‘আই চিং’। বিভিন্ন গৱেষণাৰ পৰা জনা গৈছে যে প্ৰস্তৰ যুগতো আকুপাংচাৰৰ দৰে এবিধ চিকিৎসা পদ্ধতিৰ প্ৰচলন আছিল । তাত অৱশ্যে বৰ্তমানৰ দৰে ধাতুৰ মিহি বেজী ব্যৱহাৰ কৰাৰ সলনি হাঢ় আৰু পাথৰৰ বেজী ব্যৱহাৰ কৰা হৈছিল ।

আকুপাংচাৰৰ প্ৰসংগত পিয়েন চুয়ে নামৰ এজন বিখ্যাত চীনা চিকিৎসকৰ উল্লেখ পোৱা যায় । খ্ৰীষ্টপূৰ্ব একাদশ শতিকাত এই চিকিৎসকজনে চীন দেশৰ কুও ৰাজ্যৰ ৰাজকুমাৰৰ আকুপাংচাৰ পদ্ধতিৰে চিকিৎসা কৰি তেওঁক সুস্থ কৰি তুলিছিল । চীন দেশৰ থাং ৰাজবংশৰ আমোলত (৬১৮-৯০৭ খ্ৰীষ্টাব্দ) আকুপাংচাৰ শিক্ষাৰ বাবে কলেজো প্ৰতিষ্ঠা কৰা হৈছিল । কোনো কোনোৰ মতে আকুপাংচাৰৰ চিকিৎসা পদ্ধতিৰ উদ্ভৱ ভাৰতবৰ্ষত হৈছিল ।

আজিৰ পৰা ২০০০ বছৰ আগেয়েই ভাৰতত আকুপাংচাৰ সম্পৰ্কীয় এখন সংস্কৃত গ্ৰন্থও লিখা হৈছিল । সম্প্ৰতি এইখন গ্ৰন্থ শ্ৰীলংকাৰ কলম্বোৰ নেচনেল মিউজিয়ামত সংৰক্ষিত হৈ আছে । কিন্তু ভাৰতত প্ৰকৃততে আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ উদ্ভৱ হৈছিল নে নাই তাৰ কোনো প্ৰামাণিক তথ্য এতিয়ালৈকে পোৱা হোৱা নাই ।

আকুপাংচাৰে কেনেকৈ কাম কৰে

এই পদ্ধতিত শৰীৰত পাতল বেজী বিন্ধি দিয়া হয়, যিয়ে হৰম’নৰ মাত্ৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শুধৰোৱাত সহায় কৰে । আকুপাংচাৰ (Treatment with Acupuncture)ৰ দ্বাৰা শৰীৰৰ বিষৰ পৰা উপশম পোৱা যায়(How acupuncture works) । এই চিকিৎসা পদ্ধতিৰ জৰিয়তে শৰীৰৰ নিৰ্দিষ্ট অংশ আৰু বিভিন্ন বিন্দুত বেজী বিন্ধি দিয়া হয় । শৰীৰত শক্তিৰ ভাৰসাম্যহীনতা আকুপাংচাৰৰ জৰিয়তে শুধৰোৱা হয় । বেজী দিয়াৰ এই প্ৰক্ৰিয়াই বেজী খোৱাৰ দৰে বিষ নিদিয়ে, কাৰণ ব্যৱহাৰ কৰা এই বেজী আৰু আকুপাংচাৰৰ মাজত বহুত পাৰ্থক্য থাকে ।

আকুপাংচাৰৰ সুবিধা

আকুপাংচাৰৰ দ্বাৰা শৰীৰৰ বাবে বহুতো উপকাৰ সাধন কৰে । ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । পেশীসমূহে আৰাম পায় । মানসিক চাপ, উদ্বেগ বা আন যিকোনো মানসিক সমস্যাৰ পৰা উপশম দিয়ে(Acupuncture facilities)।

এই পদ্ধতিৰ দ্বাৰা পুৰুষৰ বন্ধ্যাত্বৰ সমস্যাৰো চিকিৎসা কৰা হয় । যদি আপুনি প্ৰজনন ক্ষমতাৰ ঔষধৰ দ্বাৰা সুবিধা লাভ কৰা নাই, তেন্তে আপুনি আকুপাংচাৰৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিব পাৰে । আকুপাংচাৰে গৰ্ভধাৰণত সহায় কৰে । যদি আপুনি গৰ্ভধাৰণৰ বাবে কোনো চিকিৎসা গ্ৰহণ কৰি আছে, তেন্তে আকুপাংচাৰো একেলগে কৰিলে গৰ্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি পায় ।

আকুপাংচাৰৰ জৰিয়তে অনিয়মিত মাহেকীয়া বা ইয়াৰ সৈতে জড়িত যিকোনো সমস্যাৰ চিকিৎসা লাভ কৰিব পাৰি । যদি প্ৰজনন ক্ষমতাৰ সমস্যা হয়, তেন্তে এই চিকিৎসা পদ্ধতিৰ জৰিয়তে চিকিৎসা কৰি আপুনি গৰ্ভধাৰণ কৰিব পাৰে ।

লগতে পঢ়ক: World Diabetes Day 2022: নিতৌ কৰক এই ৪টা আসন, ব্লাড চুগাৰৰ লগতে নিয়ন্ত্ৰণত থাকিব মেদবহুলতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.