ETV Bharat / sukhibhava

Winter diseases and precautions: শীতকালৰ ৰোগ তথা ল’বলগীয়া সতৰ্কতাসমূহৰ বিষয়ে জানো আহক

শীতকালৰ আগমনৰ লগে লগে বিভিন্ন ৰোগে আমাক আমনি কৰে ৷ আজি আমি জাৰকালি দেখা যোৱা সাধাৰণ ৰোগসমূহ, ইয়াৰ প্ৰতিকাৰ আৰু ল’বলগীয়া কিছু সাৱধানতাৰ বিষয়ে চৰ্চা কৰিম ৷ অধিক জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক এই প্ৰতিবেদন...

author img

By

Published : Nov 11, 2022, 11:43 AM IST

Winter diseases and precautions to be taken
শীতকালৰ ৰোগ তথা ল’বলগীয়া সতৰ্কতাসমূহৰ বিষয়ে জানো আহক

গ্ৰীষ্মকালৰ তুলনাত শীতকাল বহুতৰ বাবে অধিক সুখপ্ৰদ বা আৰামদায়ক ৷ জহকালিৰ তুলনাত জাৰকালি ৰোগৰ প্ৰাদূৰ্ভাৱো কম ৷ বছৰটোত শীতৰ প্ৰভাৱ বেছিকৈ থকা অঞ্চলসমূহৰ লোকক কমকৈ ৰোগাক্ৰান্ত হোৱা দেখা যায়(Winter diseases and precautions to be taken) ৷ তাৰ বিপৰীতে ট্ৰপিকেল দেশসমূহত, য’ত গৰম আৰু বৰষুণ বেচিকৈ পৰে সেই অঞ্চলসমূহত বিভিন্ন ৰোগৰ প্ৰাধান্য পৰিলক্ষিত হয় ৷ কিন্তু জাৰকালি জানো ৰোগ নোহোৱাকৈ থাকে? আজি আমি জাৰকালি দেখা যোৱা সাধাৰণ ৰোগসমূহ, ইয়াৰ প্ৰতিকাৰ আৰু ল’বলগীয়া কিছু সাৱধানতাৰ বিষয়ে চৰ্চা কৰিম(How to protect yourself during winter season) ৷

জাৰকালি দেখা যোৱা সাধাৰণ ৰোগসমূহ, ইয়াৰ প্ৰতিকাৰ আৰু ল’বলগীয়া সাৱধানতাসমূহ

  • চৰ্দি বা পানী লগা

চৰ্দি বা পানী লগাৰ বিৰক্তিকৰ অভিজ্ঞতা নথকা লোক খুবেই বিৰল(Cold or dehydration) ।

  • ইনফ্লুৱেঞ্জা

সাধাৰণতে মানুহে ইয়াক ফ্লু বুলিও চিনাকী দিয়ে ৷ ই হ’ল ভাইৰাচজনিত এবিধ সংক্ৰামক ৰোগ(Influenza) ৷ ই কেতিয়াবা ব্যাপকভাৱে একোটা অঞ্চলৰ লোকক ৰোগাক্ৰান্ত কৰা দেখা যায় ৷ জ্বৰ, কাহৰ ওপৰিও এই ৰোগত মূৰৰ বিষ, ডিঙিৰ বিষ, বন্ধ নাক বা নাকৰ স্ৰাৱ বোৱা, গাৰ বিষ, গাঁঠিৰ বিষ, বমি, চকু ৰঙা পৰা, শৰীৰৰ দুৰ্বলতা আদি লক্ষণে দেখা দিয়ে ৷

ব্যক্তিভেদে মানুহৰ দেহত ৰোগৰ লক্ষণসমূহ কম-বেচি হব পাৰে৷ আৰম্ভণিতে পানীলগা আৰু ইনফ্লুৱেঞ্জাক পৃথক কৰি চিনাক্ত কৰা কঠিন যেন লাগিব পাৰে ৷ কিন্তু সাধাৰণতে ইনফ্লুৱেঞ্জাত বেছি মাত্ৰাত ততালিকে জ্বৰ উঠে আৰু ৰোগী কম সময়তে কাহিল হৈ পৰে ৷ কিছুমান চৰাই আৰু পোহনীয়া জন্তুৰ (যেনে গাহৰি, ঘোৰাৰ) শৰীৰত এই আৰ এন এ ইনফ্লুৱেঞ্জা ভাইৰাচৰ বসতি৷ কদাচিত তাঁহাতৰ পৰা মানুহৰ দেহলৈ সংক্ৰমন ঘটিলে বাৰ্ডফ্লু (H5N1) আৰু চোৱাইনফ্লু (H1N1) নামেৰে গুৰুতৰ মহামাৰী ৰূপ দেখা দিব পাৰে ৷ বাৰ্ড ফ্লু-ত উল্লেখিত লক্ষণসমূহ গুৰুতৰ ৰূপত হোৱাৰ ওপৰিও ডায়েৰিয়া বা হাগনি হোৱা দেখা যায়৷ ভালদৰে মাস্কৰ ব্যৱহাৰ কৰি সঘনাই ভালদৰে এন্টিচেপ্টিকৰে হাত ধুলে ৰোগ বিয়পা ভালেখিনি প্ৰতিৰোধ কৰিব পাৰি ৷

  • ফ্লুৰ চিকিৎসা

বিশ্ৰাম, জল আৰু জুলীয়া পদাৰ্থৰ প্ৰচুৰ সেৱন, জ্বৰত পেৰাচিটামল (এস্পিৰিন নহয়) খাব(Treatment of the flu) ৷ কেতিয়াবা বেক্টেৰিয়াৰ সংক্ৰমণ হ'লেহে এন্টিবায়টিক চিকিৎসকে লবলৈ পৰামৰ্শ দিয়ে ৷ এন্টিভাইৰেল ঔষধৰ প্ৰয়োগৰ লাভালাভ সম্বন্ধে এতিয়াও সুনিশ্চিতভাবে কোৱা নাযায় ৷

ফ্লু ভেকচিনে এবছৰৰ বাবে সুৰক্ষা দিয়ে সেয়ে বছৰৰ মূৰে মূৰে ইয়াক লোৱাটো বাঞ্চনীয় ৷ অনায়াসে বেছি বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থকা এইসকল হ’ল– ৬৫ বছৰৰ ওপৰৰ আৰু ৫বছৰৰ তলৰ বয়সৰ লোক, গৰ্ভৱতী মহিলা, আন অসুখত (যেনে ডায়েবেটিজ, হৃদৰোগ, হাঁপানী আদিত) ভোগী থকা লোক: এনে লোকে প্ৰতিষেধক ছিটা লোৱাটো একান্তই আৱশ্যক ৷

  • মূৰৰ বিষ

চাইনাচৰ অসুখ, মাইগ্ৰেইনত ভোগাসকলৰ বাহিৰেও আন যি কোনো লোকৰ শীতকালত সাময়িকভাৱে মূৰৰ বিষ হব পাৰে ৷ সেয়া বিশেষ চিন্তনীয় বিষয় বুলি ভাবিব নালাগে ৷ আকস্মিক ঠাণ্ডা লাগিলে বা বেচিকৈ এচি-ৰ শীতলতাৰ পৰাও মূৰৰ বিষ হ’ব পাৰে৷ একাপ গৰম চাহ বা এটা পেৰাচিটামল টেবলেটে ইয়াৰ উপশম ঘটাব পাৰে৷

  • চৰ্মৰোগ

শীতকালত ছাল শুষ্ক হোৱা, ওঁঠ আৰু হাত-ভৰিৰ ছাল ফটাৰ ওপৰিও খজুৱতি হব পাৰে ৷ সেয়ে শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি লাগতিয়াল৷ গৰম পানীৰে হ’লেও চাবোন ব্যৱহাৰ কৰি দৈনিক গা অৱশ্যে ধুব লাগে(Skin diseases) ৷ চিকিৎসকে খজুৱতি উপশম ঘটাবলৈ এন্টি-এলাৰ্জিক দৰৱ খাবলৈ আৰু লগাবলৈ ষ্টেৰ’ইডজাতীয় মলম দিয়ে৷ শীতকালত ছাল ভালে ৰাখিবলৈ নিশা শৰীৰত নাৰিকল তেলৰ মালিছ্ কৰাতো উপকাৰী ৷ শীতকালত মৌজোল আৰু নেমুৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই দৈনিক পুৱা এগিলাচ নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত অলাগতিয়াল চৰ্বি জমা নহয় আৰু ছালৰ বৰণ উজ্বল হয় ৷

  • হাঁপানী

জেনেটিক কাৰণ আৰু বাতাবৰণৰ প্ৰভাৱত হাঁপানীৰ লক্ষণসমূহ সহজে প্ৰস্ফুটিত হয়(Asthma) ৷ বায়ু মণ্ডলত থকা বিভিন্ন তত্ব হাঁপানীৰ কাৰক (এলাৰ্জেন) হ'ব পাৰে ৷ মূলত: উশাহ লোৱাত কষ্ট, নিশ্বাসত শব্দ হোৱা কাহ, বুকৰ কষ্ট আদিয়েই হাঁপানীৰ প্ৰধান লক্ষণ ৷ আজিকালি ষ্টেৰ’ইডৰ বাহিৰেও মন্টোলুকাস্ত আদি দৰৱৰ সহায়ত এই ৰোগ ভালেখিনি নিয়ন্ত্ৰণত ৰখাতো সম্ভৱপৰ হৈছে ৷

  • গাঁঠিৰ বিষ

শীতকালত কিছুমান লোকৰ পূৰণা গাঁঠিৰ বিষৰ উক্ দিয়ে বিশেষকৈ কিছুমান বয়সিয়াল লোকৰ৷ সেয়ে শীতকালত বয়সিয়াল লোকসকলে সতৰ্কতা অৱলম্বন কৰাটো বাঞ্চনীয়। শৰীৰত মিঠাতেলৰ মালিছ কৰি শীতকালত দৈনিক ৰ’দ লোৱাটো লাভজনক: ইয়াৰ দ্বাৰা শৰীৰে লাগতিয়াল ভিটামিন- ডি আহৰণ কৰে৷ আন এটি ঘৰুৱা চিকিৎসা হ’ল- এগিলাচ গাখীৰত অলপ হালধি মিহলাই খালে শীতকালত হোৱা গাঁঠিৰ বিষৰ উপশম ঘটে ৷

  • হৃদৰোগ

শীতকালত উচ্চ ৰক্তচাপ জাতীয় ৰোগ বেছিকৈ হোৱা দেখা যায় সেয়ে এনে ৰোগ ধৰা পৰা লোকসকল সাৱধানে থকাটো মংগলজনক ৷

  • অন্যান্য লাগতিয়াল কথা:

ধূমপান আৰু মদ্যপানে শীতকালৰ যি কোনো ৰোগ বৃদ্ধি কৰিব পাৰে, গতিকে সেয়া এৰাই চলাটো বাঞ্চনীয় ৷ নিয়মীয়া ব্যায়াম আৰু সন্তুলিত পুষ্টিকৰ আহাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক ৷ সঘনাই চৰ্দিত ভোগা লোকসকলে, হাঁপানীৰ ৰোগীসকলে, বিভিন্ন এলাৰ্জিক চৰ্মৰোগত ভোগা লোকসকলে ‘হিষ্টাগ্লবিন’ নামৰ শৰীৰৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰা প্ৰতিষেধক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ল'ব পাৰে ৷

লগতে পঢ়ক: Hair loss problem: চুলি সৰাৰ সমস্যা আছে নেকি? ঘৰুৱা উপায়েৰে পাওক সুফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.