ETV Bharat / sukhibhava

Anjeer Water Benefits: পুৱা খালী পেটত ডিমৰু ভিজোৱা পানী কিয় খাব লাগে ? ইয়াৰ আচৰিত উপকাৰিতা জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:56 AM IST

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ডিমৰুক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু ৰাতিপুৱা ডিমৰু ভিজোৱা পানী খালে আপুনি কিমান উপকাৰিতা পাব পাৰে সেয়া জানেনে । সম্পূৰ্ণ প্ৰতিবেদনৰ জৰিয়তে জানক ইয়াৰ আচৰিত উপকাৰিতাসমূহ...

Why should one drink fig water on an empty stomach in the morning? Know its surprising benefits
পুৱা খালী পেটত ডিমৰু ভিজোৱা পানীত কিয় খাব লাগে ? ইয়াৰ আচৰিত উপকাৰিতা জানি লওক

ডিমৰুক ছুপাৰফুড বুলি জনা যায়, ইয়াৰ বহুতো গুণ আছে, যিয়ে স্বাস্থ্যৰ উন্নতি সাধন কৰে ৷ এই শুকান ফল পেটৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয় ৷ ইয়াত মেগনেছিয়াম, তাম, পটাছিয়াম, ফছফৰাছ আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷ ডিমৰু ভিজোৱা পানী খোৱাৰ ফলত স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায় ৷ হয়, ৰাতিপুৱা খালী পেটত ডিমৰু ভিজোৱা পানী খালে শৰীৰৰ বহু সমস্যা দূৰ হয় ৷ গতিকে তলত ইয়াৰ অগণন উপকাৰিতাৰ বিষয়ে জানি লওক ৷

পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে

ডিমৰু ভিজোৱা পানীয়ে ডিটক্স পানীয় হিচাপে কাম কৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰ সুস্থ হৈ থাকে ৷ পুৱা খালী পেটত ডিমৰু ভিজোৱা পানী খালে মল বাহিৰ হোৱাৰ প্ৰক্ৰিয়া সহজ হৈ পৰে ৷ ইয়াৰ উপৰিও এই পানীয়ে অন্ত্ৰৰ স্বাস্থ্যও বজাই ৰাখে ৷

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে

প্ৰতিদিনে পুৱা খালী পেটত ডিমৰু ভিজোৱা পানী খালে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে ৷ ইয়াত আঁহ আৰু পটাছিয়ামৰ প্ৰচুৰ উৎস ৷ ইয়াক পান কৰিলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত হয়, যিয়ে আপোনাক ফিট ৰাখে ৷

ওজন হ্ৰাস কৰাত সহায়ক

আপুনি আপোনাৰ ওজন কমাব পৰা খাদ্যত ডিমৰু ভিজোৱা পানী অন্তৰ্ভুক্ত কৰিব পাৰে ৷ যিসকল লোকে ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেওঁলোকে ৰাতিপুৱা খালী পেটত এই পানী খাব লাগে, ই অতি উপকাৰী বুলি প্ৰমাণিত হ’ব ৷ আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পাব, যিয়ে ওজন কমাবলৈ সহায় কৰিব ৷

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ডিমৰু ৰক্তশৰ্কৰা মাত্ৰা স্বাভাৱিক কৰি তোলাত সহায় কৰে ৷ টাইপ-২ ডায়েবেটিছত ডিমৰু ভিজোৱা পানী খালে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে বুলি বিশ্বাস কৰা হয় ৷ ইচ্ছা কৰিলে স্মুদি বা চালাডতো ডিমৰু অন্তৰ্ভুক্ত কৰিব পাৰে ৷

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

ডিমৰুত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট গুণ থাকে, যি উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী ৷ উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকে দৈনিক ডিমৰু ভিজোৱা পানী খাব লাগে, যাৰ ফলত ৰক্তচাপৰ মাত্ৰা স্বাভাৱিক হ’ব পাৰে ৷

লগতে পঢ়ক: Foods To Avoid In Kids Tiffin: ভুলতেও আপোনাৰ শিশুটিক টিফিনত খাবলৈ নিদিব এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.