ETV Bharat / sukhibhava

White Hair Problem: কম বয়সতে চুলি বগা হোৱাৰ সমস্যাই দেখা দিছে ? এই সহজ উপায়বোৰে কৰিব সমাধান

author img

By

Published : Aug 3, 2023, 6:32 PM IST

White Hair: বৰ্তমান সময়ত কম বয়সতে চুলি বগা হোৱাটো এটা সাধাৰণ সমস্যাত পৰিণত হৈছে । যদি আপুনি বিচাৰে যে এনে সমস্যা আপোনাৰ লগত হ’ব নালাগে, তেন্তে জীৱনত কিছু পৰিৱৰ্তন অনাটো প্ৰয়োজনীয় ।

White Hair Problem
কম বয়সতে চুলি বগা হোৱাৰ সমস্যাই দেখা দিছে ? এই সহজ উপায়বোৰে কৰিব সমাধান

আগতে যদি মূৰত বগা চুলি ওলায় তেন্তে ইয়াক বাৰ্ধক্যৰ লক্ষণ বুলি গণ্য কৰা হৈছিল যদিও বৰ্তমান যুগত ২৫ৰ পৰা ৩০ বছৰ বয়সৰ লোকৰো চুলি পকিবলৈ আৰম্ভ কৰিছে । ইয়াৰ বাবেই যুৱক-যুৱতীসকলে প্ৰায়ে লাজ আৰু নিম্ন আত্মবিশ্বাসৰ সন্মুখীন হ’বলগীয়া হৈছিল । চুলি ক'লা কৰাৰ বাবে বহুতো প্ৰাকৃতিক উপায় আছে, কিন্তু আজি আমি আপোনালোকক জনাবলৈ ওলাইছো বগা চুলিৰ সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব পৰা কিছুমান উপায় ।

চুলিৰ ধূসৰ বা বগা হোৱা বন্ধ কৰাৰ প্ৰতিকাৰ

১/ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক

আমাৰ শৰীৰৰ বেছিভাগ সমস্যাই জন্মতে অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেই হয়, চুলিৰ ধূসৰ হোৱাটো ব্যতিক্ৰম নহয় । বৰ্তমানৰ যুৱক-যুৱতীসকলে বজাৰত জাংক আৰু ফাষ্ট ফুড খাই ভাল পায় যিয়ে স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে । যদি আপোনাৰ পেটটো ঠিক নহয়, তেন্তে ইয়াৰ প্ৰভাৱ চুলিত হোৱাটো নিশ্চিত । দৈনন্দিন খাদ্য তালিকাত ভিটামিন, কেলচিয়াম, প্ৰ’টিন, জিংক, আইৰণ আৰু কপাৰ আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰিব লাগিব ।

২/ ধূমপান এৰিব

চিগাৰেট, বিড়ি, হুকা আদি বস্তুবোৰক স্বাস্থ্যৰ বাবে একেবাৰেই ভাল বুলি গণ্য কৰা নহয়, আমি জানো যে এইবোৰ বস্তুৰ পৰা নিৰ্গত হোৱা ধোঁৱাই আমাৰ হাওঁফাওঁ নষ্ট কৰে, কিন্তু আপুনি জানেনে যে ধূমপান কৰিলে চুলিবোৰ অকালতে ধূসৰ হৈ পৰে ? যিহেতু এই বেয়া নিচা আজিৰ যুৱক-যুৱতীসকলৰ মাজত বেছিকৈ দেখা যায়, সেয়েহে তেওঁলোকৰ চুলিৰ স্বাস্থ্যৰ অৱনতি ঘটে ।

৩/ টেনচন

মানসিক চাপক বহু ৰোগৰ মূল কাৰণ বুলি গণ্য কৰা হয়, কাৰণ সুস্থ মন অবিহনে আমি সুস্থ শৰীৰৰ কল্পনা কৰিব নোৱাৰো । কোৱা হয় যে টেনচনৰ ফলত বগা চুলি বাঢ়ি যায় আৰু বগা চুলিৰ ফলত টেনচন হয় । সেইবাবেই দৈনন্দিন জীৱনত অত্যধিক মানসিক চাপ নোলোৱাই ভাল ।

৪/ থাইৰয়ড পৰীক্ষা কৰাব লাগে

যেতিয়া আমাৰ শৰীৰত থাইৰ’ক্সিন হৰম’ন অত্যধিকভাৱে মুক্ত হ’বলৈ আৰম্ভ কৰে, তেতিয়া ই বগা চুলিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । হাইপোথাইৰয়ডিজমৰ পৰা হাত সাৰিবলৈ থাইৰয়ড টেষ্ট কৰোৱাটো খুবেই জৰুৰী ।

লগতে পঢ়ক: Insomnia problems: নিদ্ৰাহীনতাত ভুগিছে নেকি আপুনি ? চিকিৎসক বেদান্ত ফুকনৰ পৰা জানক পৰিত্ৰাণৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.