শৰীৰটোক স্বাস্থ্যৱান তথা ৰোগমুক্ত কৰি ৰাখিবলৈ পাচলি খোৱাটো কিমান জৰুৰী, সেয়া হয়তো সকলোৱে জানে ৷ পাচলিত থকা আঁহ, ভিটামিন, খনিজ পদাৰ্থই শৰীৰক নিৰোগী কৰি ৰখাত যথেষ্ট সহায় কৰে ৷ কিন্তু আয়ুৰ্বেদৰ মতে, কিছুমান পাচলিয়ে শৰীৰৰ ক্ষতি কৰে ৷ সেই পাচলিবোৰ খালে হজম কৰাটো কঠিন ৷কি পাচলিয়ে হজমত সমস্যাৰ সৃষ্টি কৰি আপোনাক ৰুগীয়া কৰিব পাৰে, সেইসমূহৰ বিষয়ে আজি জানো আহক-
ফুলকবি
আয়ুৰ্বেদৰ মতে, ফুলকবি ঠাণ্ডা ৷ যাৰ বাবে ফুলকবি খালে পাকস্থলীৰ জুইৰ উপাদান ক্ষতিগ্ৰস্ত হয় ৷ ই শৰীৰত বাত দোষ আৰু কফৰ পিত্তও হ্ৰাস কৰে ৷ এনে পৰিস্থিতিত যদি আপুনি ফুলকবি খায়, তেনেহ'লে ই হজম সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰে ৷
বিলাহী
বিলাহীয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে ৷ যাৰ বাবে আমি সকলোয়ে ইয়াক আমাৰ খাদ্য তালিকাত অন্তৰ্ভূত কৰো ৷ কিন্তু যদি প্ৰয়োজনতকৈ অধিক বিলাহী খোৱা হয়, ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷ ইয়াত থকা টেঙায়ে পাকস্থলীত এচিড বৃদ্ধি কৰিব পাৰে ৷ বৰ্ধিত এচিডৰ ফলত আপোনাৰ হজম নহ'ব পাৰে ৷
কেপচিকাম
কেপচিকামত থকা আঁহ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷ খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আমি বহুতেই কেপচিকাম ব্যৱহাৰ কৰো ৷ কিন্তু কেপচিকামত পোৱা ক্ষতিকাৰক যৌগবোৰে হজমত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ আয়ুৰ্বেদৰ মতে, অত্যাধিক কেপচিকাম খালে পিত্তৰ বিকাৰ হয় ৷ ইয়াৰ বাহিৰেও, যদি আপুনি ৰক্তচাপৰ ৰোগী, তেন্তে ইয়াক কম পৰিমাণে গ্ৰহণ কৰিব ৷
পালেং শাক
পালেং শাকক আইৰণৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয় ৷ ই ওজন হ্ৰাস কৰাতো যথেষ্ট সহায়ক ৷ কিন্তু আয়ুৰ্বেদৰ মতে, পালেং খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক ৷ যদি ইয়াক বাৰিষা কালত খোৱা হয়, তেন্তে হজমৰ সমস্যা যেনে এচিডিটি, বদহজম, পেটৰ বিষ আদিৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷
বন্ধাকবি
বাৰিষাৰ বতৰত বন্ধাকবিও খাব নালাগে ৷ কিয়নো এই ঋতুত শাক-পাচলিত পোক-পতংগ থাকে, যিয়ে হজমত প্ৰভাৱ পেলাব পাৰে ৷ আয়ুৰ্বেদৰ মতে, বাৰিষাত বন্ধাকবি খোৱাৰ ফলত এচিডিটি, পেটৰ বিষ, বদহজম আদি সমস্যা হয় ৷
লগতে পঢ়ক: Vegetables for diabetes patients: ডায়েবেটিছ ৰোগীৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয় এই ৩ বিধ শাক-পাচলি