ETV Bharat / sukhibhava

আপোনাৰ হাড়ৰ বাবে ক্ষতিকাৰক এইসমূহ খাদ্য - হাড়

Foods That Are Bad for Your Bones: আমি গ্ৰহণ কৰা কেতবোৰ খাদ্য হাড়ৰ পক্ষে একেবাৰে ক্ষতিকাৰক ৷ সেয়ে হাড় শক্তিশালী কৰি ৰাখিবলৈ আমি কোনবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, আজি জানো আহক-

Which foods are bad for bones?
আপোনাৰ হাড়ৰ বাবে ক্ষতিকাৰক এইসমূহ খাদ্য
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 3:05 PM IST

হাড় স্বাস্থ্যৱান ৰাখিবলৈ দৈনন্দিন খাদ্য তালিকাত কেলচিয়াম আৰু ভিটামিন ডি যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ কেলচিয়াম আৰু ভিটামিন ডি-য়ে হাড়ৰ বিকাশত সহায় কৰাৰ লগতে ইয়াক শক্তিশালী কৰি ৰাখে ৷ কিন্তু আমি খোৱা কেতবোৰ খাদ্য হাড়ৰ পক্ষে একেবাৰে ক্ষতিকাৰক ৷ হাড় শক্তিশালী কৰি ৰাখিবলৈ আমি কোনবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, আজি জানো আহক-

ঠাণ্ডা পানীয়

কল ডিংকছ বা ঠাণ্ডা পানীয়ত ফছফৰিক এচিড থাকে, যিয়ে হাড়ৰ পৰা কেলচিয়াম আঁতৰ কৰি হাড়বোৰ দুৰ্বল কৰে ৷ সেয়েহে হাড়ৰ স্বাস্থ্য ভালে ৰাখিবলৈ ঠাণ্ডা পানীয় খোৱাৰ পৰা নিজকে দূৰত ৰাখিব লাগে ৷

উচ্চ ফ্ৰুক্টোজ কন চিৰাপ

এইটো চেনী চিৰাপৰ দৰে এক মিঠা তৰল, যি কৰ্ণ ষ্টাৰ্চ ভাঙি তাত অন্যান্য এনজাইম যোগ দি প্ৰস্তুত কৰা হয় ৷ এই চিৰাপেও খুব কম সময়ৰ ভিতৰতে আমাৰ হাড় দুৰ্বল কৰিব পাৰে ৷

কেফেইন

স্বাভাৱিক পৰিমাণত কেফেইন খালে ই শৰীৰৰ বেছি ক্ষতি নকৰে ৷ কিন্তু কফি, এনাৰ্জী ডিংক আৰু কেফেইনযুক্ত খাদ্যবোৰ বেছিকৈ খালে ই শৰীৰত কেলচিয়াম শোষণ প্ৰক্ৰিয়াত বাধা দিয়ে, যিয়ে হাড়ৰ ঘনত্ব হ্ৰাস কৰে ৷

অত্যধিক নিমখ

কিছুমান লোকে খাদ্য খাওঁতে কেচা নিমখ খুব খায় ৷ নিমখে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা কেলচিয়াম আঁতৰ কৰি থাকে, যিয়ে লাহে লাহে হাড় দুৰ্বল কৰে, ফলত অষ্টিঅ’পৰ’ছিছৰ আশংকা বৃদ্ধি হয় ৷

প্ৰ'টিন

সুস্বাস্থ্যৰ বাবে প্ৰ'টিন অতি গুৰুত্বপূৰ্ণ ৷ কিন্তু অত্যাধিক প্ৰ'টিনে শৰীৰৰ পৰা কেলচিয়াম আঁতৰ কৰা আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত, যদি আপুনি অত্যাধিক প্ৰ'টিন খায়, তেন্তে সাৱধান হ'ব ৷

ফাষ্ট ফুড

ফাষ্ট ফুডত অস্বাস্থ্যকৰ চৰ্বি, উচ্চ ছ’ডিয়াম থাকে আৰু ইয়াত একেবাৰে পুষ্টি নাথাকে ৷ ফাষ্ট ফুড বেছিকৈ খালেও হাড়ৰ সমস্যা হয় ৷ এনে পৰিস্থিতিত, যদি আপুনি হাড়ৰ সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে আপোনাৰ আহাৰৰ পৰা ফাষ্ট ফুড বাদ দিয়ক ৷

লগতে পঢ়ক: শীতকালত কিয় গাঁঠিৰ বিষ বৃদ্ধি পায় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.