গৰ্ভৱতী মহিলা সকলে সদায় পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে ৷ গৰ্ভৱতী মহিলা সকলে গৰ্ভধাৰণৰ সময়ছোৱাত নিজৰ যতন লোৱাটো অতি প্ৰয়োজনীয় ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই সময়ছোৱাত মহিলা সকলে আইৰণ, কেলচিয়াম, ফলিক এচিডযুক্ত খাদ্য খাব লাগে ৷ সতেজ শাক-পাচলি, ফল-মূলৰ লগতেই প্ৰচুৰ পৰিমাণে পানী খাব লাগে ৷ মাতৃয়ে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে হে শিশুৰ ওজন ভাল হয় ৷
গৰ্ভাৱস্থাত কি কি খাদ্য গ্ৰহণ কৰিব নালাগে ?
১) গৰ্ভাৱস্থাৰ ময়ত কিছুমান বিশেষ কথাৰ প্ৰতি যত্ন ল’ব লগা হয় ৷ এই সময়ছোৱাত কিছু খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে ৷ প্ৰথম তিনিমাহ কিছু খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত কেঁচা অমিতা, তিল আদি খাব নালাগে ৷
২) প্ৰথম তিনিমাহ পিছত কেঁচা অমিতা খালেও ভালদৰে বইল কৰি খাব লাগে ৷
৩) কণী, গাখীৰ খালেও ভালদৰে বইল কৰি খাব লাগে ৷ কেঁচা গাখীৰ কেতিয়াও খাব নালাগে ৷
গৰ্ভাৱস্থাত কি কি খাদ্য গ্ৰহণ কৰিব লাগে ?
১) গৰ্ভাৱস্থাৰ সময়ছোৱা মাতৃ সকলে কাৰ্ব'হাইড্ৰেট, প্ৰটিন, ফাইবাৰ যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷ কাৰ্ব'হাইড্ৰেটযুক্ত খাদ্যৰ ভিতৰত ভাত, ৰুটি আদি খাব লাগে ৷
২) প্ৰটিনযুক্ত খাদ্য যেনে-মাছ, মাংস, কণী, গাখীৰ, পানীৰ, ৰাজমাহ, ছায়াবিন, লুভীয়া আদি খাব লাগে ৷
৩) ফাইবাৰ যুক্ত যেনে শাক-পাচলি, ফল-মূল, চালাড আদি খাদ্য গ্ৰহণ কৰিব লাগে ৷
৪) গৰ্ভাৱস্থাত ঘী খোৱাটো ভাল ৷ তেলৰ সলনি যদি ঘী ব্যৱহাৰ কৰিব পাৰে স্বাস্থ্যৰ পক্ষে উত্তম ৷ কিন্তু ৩০ গ্ৰামতকৈ বেছি খাব নালাগে ৷
৫) দৈনিক প্ৰায় ২/৩ লিটাৰ পানী খাব লাগে ৷
৬) ডাৱ নাৰিকলৰ পানী, ফল-মূলৰ ৰস খাব লাগে ৷
লগতে পঢ়ক: Thyroid: থাইৰয়ড বৃদ্ধি হোৱা ৰোধ কৰিবলৈ মানি চলক এই ৫টা নিয়ম
লগতে পঢ়ক: Nutritious Foods For Babies: শিশুৰ বাবে অতি পুষ্টিকৰ এইসমূহ খাদ্য, আপুনিও জানি লওঁক