ETV Bharat / sukhibhava

Kidney Patients Diet: কিডনীৰ ৰোগীসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ? চিকিৎসকৰ পৰা সকলো তথ্য জানি লওক - কিডনী আক্ৰান্ত ৰোগী

আমাৰ দেহৰ অন্যান্য অংগ সমূহৰ দৰে কিডনীও গুৰুত্বপূৰ্ণ অংগ ৷ বৰ্তমান সময়ত বহুলোক বৃক্ক সম্পৰ্কীয় ৰোগত আক্রান্ত হোৱা দেখা যায় ৷কিডনীৰ ৰোগীসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ? এই সম্পৰ্কে জনালে সন্দৰ্ভত জনালে ডায়েটিচিয়ান শিল্পীতা শৰ্মাই ৷

Kidney patients diet
কিডনীৰ ৰোগীসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ?
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 11:53 AM IST

ডায়েটিচিয়ান শিল্পীতা শৰ্মা

বৰ্তমান সময়ত সমগ্র বিশ্বতে বৃক্ক সম্পৰ্কীয় ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ৷ উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ বাবে এইৰোগত অধিক লোক আক্রান্ত হোৱা এটা মূল কাৰণ ৷ মগজু, হৃদপিণ্ড আদিৰ দৰে কিডনীও মানৱ দেহৰ অতি গুৰুত্বপূৰ্ণ অংগ ৷ প্ৰতিজন ব্যক্তিৰে দুটাকৈ কিডনী বা বৃক্ক থাকে ৷ কিডনীয়ে আমাৰ শৰীৰৰ তেজ শোধন কৰি তেজত থকা লৱনৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখাৰ লগতেই শৰীৰৰ পৰা বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লৱণ পেচাবৰ লগত বাহিৰ কৰে‌ ৷ কিডনী বিকল হৈ মানুহ মৃত্যুও হয় ৷

বৃক্ক সম্পৰ্কীয় ৰোগত আক্ৰান্তসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ?

১) এনে ৰোগীসকলে কম নিমখ যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷ প্ৰতিগৰাকী লোকে সাধাৰণতে ৫ গ্ৰামতকৈ অধিক নিমখ খাব নালাগে ৷ বৃক্ক সম্পৰ্কীয় ৰোগত আক্ৰান্তসকলে গোটেই দিনটোৰ ভিতৰত ২ গ্ৰামৰ ভিতৰত নিমখ খাব লাগে ৷

২) কেতিয়াবা কিছু ৰোগীৰ হাত ভৰি ফুলাও দেখা যায় ৷ তেতিয়া তেনে ৰোগীসকলে নিমখৰ লগতেই পানীৰ পৰিমাণটোও কম কৰি খাব লাগে ৷

৩) কম প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷

৪) মাছ, মাংস, কণী, লুভীয়া, চয়াবিন, ৰাজমাহ আদিৰ দৰে উচ্চ প্ৰ’টিন যুক্ত খাদ্য পৰিহাৰ কৰিব লাগে ৷

৫) বেছি চৰ্বি বা তেল যুক্ত খাদ্য খাব নালাগে ৷

৬) এনে ৰোগীসকলে কম মিঠাযুক্ত খাদ্য খাব পাৰিলে ভাল ৷

৭) গাখীৰৰ লগতেই গাখীৰৰ পৰা উৎপাদিত খাদ্যত কেলচিয়াম বেছিকৈ থকা ৷ সেইবাবে গাখীৰৰ লগতেই গাখীৰৰ পৰা উৎপাদিত খাদ্য কমকৈ খাব লাগে ৷

লগতে পঢ়ক: Gooseberry Juice Benefits: প্ৰতিদিনে পুৱা খালী পেটত পান কৰক আমলখিৰ ৰস, স্বাস্থ্যৰ পক্ষে এক নহয় অনেক উপকাৰিতা পাওক

লগতে পঢ়ক: Water Drinking Mistake: আপুনিও পানী খোৱাৰ সময়ত কৰে নেকি এই ভুল ? তেন্তে আজিয়েই শুধৰাওক এই ভুল

লগতে পঢ়ক: Dengue: ৰাজ্যত বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা; সেয়ে জানি লওক ইয়াৰ কাৰণ-লক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.