ETV Bharat / sukhibhava

Zika virus: জিকা ভাইৰাছ কি, ই কেনেকৈ বিয়পে তথা ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কি জানি লওক - জিকা ভাইৰাছৰ লক্ষণ

Corona virusৰ পিছত দেশত এইবাৰ Zika ভাইৰাছে পুনৰ ভুমুকি মাৰিছে ৷ ইতিমধ্যে কৰ্ণাটকত ইয়াৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে(Zika virus knocks in Karnataka) ৷ জিকা ভাইৰাছ কি, ই কেনেকৈ বিয়পে আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা ইয়াৰ বিষয়ে সবিশেষ জানো আহক...

Zika virus knocks in Karnataka What is Zika virus know about it
জিকা ভাইৰাছ কি, ই কেনেকৈ বিয়পে তথা ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কি জানি লওক
author img

By

Published : Dec 13, 2022, 11:11 AM IST

ক’ভিড 19 মহামাৰীৰ ভয়াৱহতাৰ বিষয়ে সকলোৱে জ্ঞাত ৷ বিগত দুটা বছৰে বিশ্বজুৰি এক ত্ৰাসৰ সৃষ্টি কৰিছিল ক’ভিড-19 মহামাৰীয়ে ৷ এই মহামাৰীৰ সময়ত কোনোবাই যদি নিজৰ আত্মীয়ক হেৰুৱাইছিল আন কোনোবাই আকৌ হেৰুৱাইছিল নিজৰ পিতৃ-মাতৃকো ৷ কেৱল ক'ভিডেই নহয় ইয়াৰ সৈতে জড়িত বিভিন্ন ভেৰিয়েন্টেও সমগ্ৰ বিশ্বতে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ বিগত দুটা বছৰে সকলোৱে স্বস্তিৰ নিশ্বাস লৈছিল যদিও পুনৰ আন এক নতুন ভাইৰাছৰ আগমণ ঘটিছে ৷

Corona virusৰ পিছত এইবাৰ Zika নামৰ এটি ভাইৰাছৰ পুনৰ ভুমুকি মাৰিছে ৷ ইতিমধ্যে কৰ্ণাটকত ইয়াৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে(Zika virus knocks in Karnataka) ৷ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী কে. সুধাকৰে তথ্য দি কয় যে, পাঁচ বছৰীয়া এগৰাকী নাবালিকা জিকা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । ৰাজ্যত এইটোৱেই প্ৰথম ক’ৰ’না আক্ৰান্ত হোৱাৰ বাবে চৰকাৰে সযতনে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে । এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু ।

কি হয় জিকা ভাইৰাছ ?(What is Zika virus)

জিকা ভাইৰাছৰ সংক্ৰমণ এডিছ মহৰ কামোৰৰ দ্বাৰা বিয়পে । ইয়াৰ উপৰিও ই ডেংগু আৰু চিকুংগুনিয়াৰ দৰে সংক্ৰমণ বিয়পাবলৈ কাম কৰে । WHOৰ মতে, ১৯৪৭ চনত য়ুগাণ্ডাত এই ভাইৰাছ প্ৰথম চিনাক্ত কৰা হৈছিল । জিকা ভাইৰাছৰ এই বিধ মহে দিনত কামোৰে ।

ভাৰতত প্ৰথম জিকা ভাইৰাছ (Zika virus India)

ভাৰতত ২০১৭ চনত গুজৰাটত ৩ আৰু ২০১৮ চনত এজন ৰোগী ধৰা পৰিছিল । তামিলনাডুত ২০১৭ চনত এজন ৰোগীৰ ভাইৰাছ সংক্ৰমণ নিশ্চিত হৈছিল । ইয়াৰ পিছত ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানৰ জয়পুৰত জিকা ভাইৰাছৰ প্ৰথমজন ৰোগী ধৰা পৰে । ইয়াৰ পিছত দেশৰ অন্যান্য ৰাজ্যলৈও এই ভাইৰাছ বিয়পি পৰে ।

জিকা ভাইৰাছ কেনেকৈ বিয়পে (Zika virus is spread by)

মহৰ কামোৰ, যৌন সম্পৰ্ক, তেজ সঞ্চালনৰ দ্বাৰা জিকা ভাইৰাছ বিয়পে । গৰ্ভৱতী মহিলাৰ পৰা ভ্ৰুণলৈও বিয়পিব পাৰে । সাধাৰণতে এডিছ মহৰ কামোৰৰ ফলত জিকা ভাইৰাছ বিয়পে । এই ভাইৰাছৰ মহে দিন আৰু ৰাতি দুয়োটা সময়তে কামোৰে । ই এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে ।

জিকা ভাইৰাছৰ লক্ষণ (Symptoms of the Zika virus)

জিকা ভাইৰাছৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল- উচ্চ জ্বৰ, গাঁঠিৰ বিষ, পেশীৰ বিষ, মূৰৰ বিষ আৰু বমি । গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ভাইৰাছৰ আশংকা অধিক হয়, কাৰণ তেওঁলোক জিকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা অধিক হয় । যদি ইয়াৰ ভাইৰাছ গৰ্ভৱতী মহিলাৰ ভ্ৰুণলৈ বিয়পি পৰে তেন্তে গৰ্ভস্থ সন্তানৰ মগজুৰ বিসংগতিৰ সৃষ্টি কৰিব পাৰে ।

নিৰাময়(Treatment)

জিকা ভাইৰাছ সংক্ৰমণ বা ইয়াৰ সৈতে জড়িত ৰোগৰ সাধাৰণতে কোনো চিকিৎসা উপলব্ধ নহয় । জিকা ভাইৰাছৰ সংক্ৰমণৰ লক্ষণসমূহ সাধাৰণতে মৃদু । জ্বৰ, ফোহা বা বাতবিষৰ দৰে লক্ষণ থকা লোকে জিৰণি ল’ব লাগে, প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ খাব লাগে, বিষ আৰু জ্বৰৰ চিকিৎসা সাধাৰণ বাহিৰৰ ঔষধেৰে কৰিব লাগে । ওপৰত উল্লেখিত হোৱা লক্ষণসমূহ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক: Covid-19: RITৰ বিজ্ঞানীৰ মতে এতিয়াও কমা নাই ক'ভিডৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.