ETV Bharat / sukhibhava

Brucella Canis: কুকুৰৰ এই দুৰাৰোগ্য ৰোগ মানুহৰ মাজতো বিয়পিবলৈ আৰম্ভ কৰিছে; ইয়াৰ পৰা হাত সৰাৰ উপায় সমূহ কি কি? - Brucella Canis

ব্ৰিটেইনত তিনিজন লোক ব্ৰুচেলা কেনিছত আক্ৰান্ত হোৱাৰ খবৰ ৷ এই ৰোগ কুকুৰৰ দেহত বিয়পি পৰে ৷ ই বেক্টেৰিয়াৰ দ্বাৰা বিয়পে ৷ কুকুৰৰ এই ৰোগৰ কোনো নিৰাময় নাই ৷ এই ৰোগ কি আৰু মানুহৰ মাজত কেনেকৈ বিয়পি আছে জানো আহক ৷ লগতে ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ পদ্ধতিও জানি লওক-

What Is Brucella Canis, Rare Bacterial Infection Spreading From Dogs To Humans? All You Need To Know
কুকুৰৰ এই দুৰাৰোগ্য ৰোগ এতিয়া মানুহৰ মাজতো বিয়পিবলৈ আৰম্ভ কৰিছে; ইয়াৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে ?
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 1:16 PM IST

শেহতীয়াকৈ ব্ৰিটেইনৰ পৰা এটা অতি চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷ খবৰ অনুসৰি, সাধাৰণতে কুকুৰক সংক্ৰমিত কৰা ব্ৰুচেলা কেনিছ নামৰ এবিধ ৰোগ মানুহৰ দেহতো পোৱা গৈছে ৷ ব্ৰুচেলা কেনিছ নামৰ বেক্টেৰিয়াৰ সংক্ৰমণ পূব ইউৰোপৰ পৰা আমদানি কৰা কুকুৰত বেছিকৈ দেখা যায় ৷

কুকুৰৰ এই ৰোগৰ কোনো নিৰাময় নাই ৷ কিছুমান ক্ষেত্ৰত এই ৰোগৰ এন্টিমাইক্ৰ’বিয়াল চিকিৎসা কৰা হয় যদিও ইয়াৰ পিছতো কুকুৰবোৰ সংক্ৰমিত হৈ থাকে ৷ অৰ্থাৎ এই সংক্ৰমণ বন্ধ কৰাৰ একমাত্ৰ সমাধান হৈয়েই আছে ইউথেনাচিয়া ৷ এতিয়ালৈকে এই ৰোগ কুকুৰৰ ক্ষেত্ৰত পোৱা গৈছিল যদিও শেহতীয়াকৈ মানুহৰ ক্ষেত্ৰতো এই সংক্ৰমণৰ ঘটনা পোৱা গৈছে ৷ এই বেক্টেৰিয়াত আক্ৰান্ত কুকুৰৰ চলন-ফুৰণত অসুবিধা, বন্ধ্যাত্ব, ক্লান্তি, কঁকালৰ বিষ, অস্বস্তি আদি সমস্যা দেখা যায় ৷

ব্ৰুচেলা কেনিছ কেনেকৈ বিয়পে ?

আক্ৰান্ত কুকুৰৰ মল, প্ৰস্ৰাৱ, লেলাউটি, বমি, তেজ বা প্ৰজনন তৰল পদাৰ্থ স্পৰ্শ কৰিলে এই সংক্ৰমণ বিয়পিব পাৰে ৷ যদি আপুনিও কোনো সংক্ৰমিত কুকুৰৰ সংস্পৰ্শলৈ আহে তেন্তে সংক্ৰমিত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায় ৷

এই সংক্ৰমণৰ লক্ষণসমূহ কি কি ?

  • জ্বৰ
  • মূৰৰ বিষ
  • ক্লান্তি
  • শৰীৰৰ বিষ
  • ভোক কমি যোৱা
  • ওজন কমি যোৱা
  • দুৰ্বলতা

এই সংক্ৰমণ হোৱাৰ লগে লগে আপুনি লক্ষণ লক্ষ্য নকৰাটো সম্ভৱ, আৰু কিছু সময়ৰ পিছত ইয়াৰ লক্ষণ দেখা দিব পাৰে ৷ যিহেতু ইয়াৰ লক্ষণসমূহ স্বাভাৱিক জ্বৰৰ দৰেই, গতিকে যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

কেনেকৈ সুৰক্ষামূলক ব্যৱস্থা ল’ব লাগে

যদিও কুকুৰৰ ক্ষেত্ৰত এই ৰোগ নিৰাময় নহয়, কিন্তু মানুহৰ ক্ষেত্ৰত এন্টিবায়টিকৰ সহায়ত ইয়াৰ চিকিৎসা কৰিব পাৰি ৷ অৱশ্যে ইয়াৰ চিকিৎসাত বহু সময় লাগিব পাৰে, গতিকে ইয়াৰ প্ৰতিৰোধৰ বাবে সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় ৷ নিজকে এইদৰে সুৰক্ষিত কৰক-

  • সংক্ৰমিত কুকুৰৰ শৰীৰৰ তৰল পদাৰ্থ যেনে বমি, মল, প্ৰস্ৰাৱ, তেজ, বীৰ্য, প্লেচেন্টা ইত্যাদি স্পৰ্শ কৰাৰ পৰা বিৰত থাকক ৷
  • ডিচপ’জেবল গ্ল’ভছ ব্যৱহাৰ কৰি কুকুৰৰ মল সদায় পৰিষ্কাৰ কৰক ৷
  • বীজাণুনাশক ঔষধেৰে নিজৰ ঘৰখন ভালদৰে পৰিষ্কাৰ কৰক ৷
  • ঘৰৰ ভিতৰত আৰু আশে-পাশে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে ৷
  • কুকুৰটো চুই চাবোনেৰে হাত ধুবলৈ নাপাহৰিব ৷
  • যদি আপোনাৰ কুকুৰে আপোনাক চেলেকাৰ অভ্যাস আছে তেন্তে ইয়াক বন্ধ কৰক, বিশেষকৈ মুখৰ ওচৰত চেলেকিবলৈ নিদিব ৷
  • যদি আপুনি ঘৰলৈ নতুন কুকুৰ আনিছে তেন্তে প্ৰথমে ব্ৰুচেলা কেনিছৰ পৰীক্ষা কৰাওক ৷
  • অচিনাকি কুকুৰ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক ৷ বিশেষকৈ যদি আপুনি গৰ্ভৱতী বা ইতিমধ্যে অসুস্থ ৷
  • মাজে মাজে আপোনাৰ কুকুৰৰ শৰীৰ পৰীক্ষা কৰি আন কুকুৰৰ সংস্পৰ্শলৈ অহাৰ পৰা ৰক্ষা কৰক ৷

লগতে পঢ়ক: World Alzheimers day 2023: এলঝাইমাৰ ৰোগৰ কি ? ইয়াৰ কাৰণ আৰু লক্ষণসমূহ কি কি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.