মাখানা হৈছে এবিধ শুকান ফল।বহু পুষ্টিৰে সমৃদ্ধ মাখনা অধিকাংশ লোকৰে প্ৰিয় ৷ সুস্বাদু মাখনাত কেলচিয়াম, মেগনেছিয়াম, কাৰ্ব আৰু প্ৰ'টিন প্ৰচুৰ পৰিমাণত থাকে ৷ মাখনা গ্লুটেন মুক্ত আৰু ইয়াত কম কলেষ্টেৰল, চৰ্বি আৰু ছডিয়াম থাকে ৷ মাখনাই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ লগতে শৰীৰক আন বহুতো লাভালাভ প্ৰদান কৰে ৷মাখনা খোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-
- হাড় শক্তিশালী হয়
মাখনাত কেলচিয়াম যথেষ্ট ভাল পৰিমাণত থাকে । কেলচিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰে । মাখনা খালে গাঁঠি আৰু হাড়ৰ বিষো দূৰ হয় ।
- হৃদযন্ত্ৰ স্বাস্থ্যৱান হয়
মাখানাক মেগনেছিয়ামৰ এক অতি উত্তম উৎস বুলি গণ্য কৰা হয় ৷ মেগনেছিয়াম হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী ৷ ই ৰক্তচাপ আৰু হৃদস্পন্দন নিয়ন্ত্ৰণ কৰাত সহায় কৰে । মাখনা খালে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকাও হ্ৰাস হয় ৷
- হজম স্বাস্থ্যকৰ হয়
মাখানা আঁহৰ এক উৎকৃষ্ট উৎস । যি হজমৰ বাবে অতি উপকাৰী ৷ ইয়াত পোৱা আঁহে হজম স্বাস্থ্যকৰ ৰখাত সহায় কৰাৰ লগতে কোষ্ঠকাঠিন্য উপশম কৰাত সহায় কৰে ৷
- ওজন হ্ৰাসত সহায়ক
মাখনাত কম পৰিমাণে কেলৰি আৰু চৰ্বি থাকে । তদুপৰি, ইয়াক প্ৰ'টিন আৰু আঁহৰ এক ভাল উৎস বুলি গণ্য কৰা হয় ৷ এনে পৰিস্থিতিত, যদি আপুনি ওজন হ্ৰাস কৰিবলৈ বিচাৰে, তেনেহ'লে মাখনাক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে ৷
- কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে
মাখানাক এণ্টিঅক্সিডেণ্টৰ এক ভাল উৎস বুলি গণ্য কৰা হয় ৷ সেয়েহে ই শৰীৰক মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে ৷ মুক্ত ৰেডিকেলে কোষবোৰ ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত কৰ্কট ৰোগ আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি হয় ৷ সেয়েহে, আপুনি আপোনাৰ আহাৰত মাখনা অন্তৰ্ভুক্ত কৰিব পাৰে ৷
উল্লেখ্য যে, মাখানাত অন্যান্য পুষ্টি যেনে পটাছিয়াম, ফছফৰাছ আৰু ভিটামিন-বি৩ থাকে ৷এই পুষ্টিবোৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত আৰু মস্তিষ্কৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷
লগতে পঢ়ক: শীতকালত কেতিয়া তথা কিমান সময়লৈকে মৰ্নিং ৱাক কৰিব লাগে জানেনে ?