ETV Bharat / sukhibhava

পলিথিনত পেক কৰা খাদ্য গ্ৰহণ কৰে নেকি ? তেন্তে সাৱধান!

পলিথিনত পেক কৰা খাদ্য, পলিথিনত পেক কৰা শাক-পাচলি-দালি আৰু পেক কৰা ৰস বা বিস্কুটৰ ফলত ডায়েবেটিছ হ’ব পাৰে । আগ্ৰাত অৱস্থিত এছ এন মেডিকেল কলেজৰ এক অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য ।

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 1:51 PM IST

What happens if we intake food in polythene bags?
পলিথিনত পেক কৰা খাদ্য গ্ৰহণ কৰে নেকি ? তেন্তে সাৱধান!

পলিথিনত পেক কৰা খাদ্য, পলিথিনত পেক কৰা শাক-পাচলি-দালি আৰু পেক কৰা ৰস বা বিস্কুটৰ ফলত ডায়েবেটিছ হ’ব পাৰে ৷ এই দাবী আগ্ৰাত অৱস্থিত এছ এন মেডিকেল কলেজৰ অধ্যয়নত কৰা হৈছে ৷ অধ্যয়নটোত দেখা গৈছে যে গৰ্ভাৱস্থাত প্লাষ্টিকত পেক কৰা খাদ্য গ্ৰহণ কৰা মহিলাসকলৰ গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ সম্ভাৱনা বেছি ৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ডায়েবেটিছৰ অন্যান্য কাৰণ জানিবলৈ মেডিচিন বিভাগে গৰ্ভৱতী মহিলাৰ ওপৰত এক অধ্যয়ন আৰম্ভ কৰিছিল ৷ মুঠ ৫০ গৰাকী মহিলাক এই অধ্যয়নত অন্তৰ্ভুক্ত কৰা হৈছিল, ইয়াৰে ৩০ গৰাকী মহিলাৰ নমুনা সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰে পাঁচগৰাকী মহিলাৰ গৰ্ভাৱস্থাত গৰ্ভাৱস্থাৰ ডায়েবেটিছ (gestational diabetes) হোৱা দেখা গৈছিল ৷ সাধাৰণতে ৪ৰ পৰা ১৮ শতাংশ গৰ্ভৱতী মহিলা ডায়েবেটিছত আক্ৰান্ত হয় ৷ ভাল কথাটো হ’ল প্ৰসৱৰ পিছত ৯০ শতাংশ মহিলাৰ ডায়েবেটিছ নিজে নিজে নাইকিয়া হৈ যায় ৷

এই অধ্যয়নত দেখা গৈছে যে গৰ্ভাৱস্থাৰ ডায়েবেটিছ ৰোগত আক্ৰান্ত মহিলাসকলৰ প্লাষ্টিকৰ সামগ্ৰীত পেক কৰা খাদ্য খোৱাৰ অভ্যাস বেছি ৷ এই মহিলাসকলে কয় যে, তেওঁলোকে প্ৰায়ে প্লাষ্টিকৰ প্লেট, গিলাচ আৰু বাটিত খাদ্য খায় ৷ লগতে প্ৰায়ে পলিথিনত পেক কৰা শাক-পাচলি, দালি, ৰস বা বিস্কুট কঢ়িয়াই লৈ ফুৰে ৷

প্লাষ্টিকে কেনেকৈ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে ?

এই অধ্যয়নত দেখা গৈছে যে প্লাষ্টিক আৰু পলিথিনত ‘বিছফেনল-এ’ (BPA) নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় ৷ এই ৰাসায়নিক পদাৰ্থ খাদ্যৰ লগত মিহলি হৈ বহু ৰোগৰ সৃষ্টি কৰে ৷ গৰ্ভাৱস্থাত মহিলাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়, সেয়েহে এই ৰোগে স্থান লয় ৷

বিচফেনল এ কি ?

বিচফেনল এ হৈছে হৰম’ন বিঘ্নিতকাৰী ৰাসায়নিক পদাৰ্থ ৷ ই শৰীৰৰ হৰম’নত প্ৰভাৱ পেলায় ৷ ইয়াৰ ফলত ইনচুলিন উৎপাদনত বাধা আহিব পাৰে ৷ ইনচুলিন হৈছে এবিধ হৰম’ন, যিয়ে শৰীৰত ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ৷ বিপিএৰ প্ৰভাৱৰ বাবে ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে আৰু ডায়েবেটিছ হ’ব পাৰে ৷

গৰ্ভৱতী মহিলাই কি কৰা উচিত ?

এই অধ্যয়নত দেখা গৈছে যে গৰ্ভৱতী মহিলাই প্লাষ্টিকৰ সামগ্ৰীত পেক কৰা খাদ্য পৰিহাৰ কৰিব লাগে ৷ ঘৰতে খাদ্য ৰান্ধিব লাগে বা ষ্টীল, কাঁচ বা মাটিৰ বাচনত খাব লাগে ৷ গৰ্ভৱতী মহিলাসকলেও প্লাষ্টিকৰ বটলত পানী খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ ষ্টীল বা কাঁচৰ বটলত পানী খাব লাগে ৷

লগতে পঢ়ক: হজমশক্তি উন্নত কৰিবলৈ আমি কি কৰা উচিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.